ভাৰত-চীনৰ সম্পৰ্ক ক্ৰমান্বয়ে ইতিবাচক দিশত আগবাঢ়িছে: বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়
নতুন দিল্লী, ০৮ ছেপ্টেম্বৰ (হি.স.)। ভাৰত-চীনৰ সম্পৰ্ক ক্ৰমান্বয়ে ইতিবাচক দিশত আগবাঢ়িছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে। ইয়াত ভিছাৰ সুবিধা প্ৰদানক এটা মূল উপাদান হিচাপে উল্লেখ কৰি সম্পৰ্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত মানুহৰ মাজত যোগাযোগৰ
MEA Spokesperson Randhir Jaiswal


নতুন দিল্লী, ০৮ ছেপ্টেম্বৰ (হি.স.)। ভাৰত-চীনৰ সম্পৰ্ক ক্ৰমান্বয়ে ইতিবাচক দিশত আগবাঢ়িছে বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰে। ইয়াত ভিছাৰ সুবিধা প্ৰদানক এটা মূল উপাদান হিচাপে উল্লেখ কৰি সম্পৰ্ক স্বাভাৱিক কৰাৰ ক্ষেত্ৰত মানুহৰ মাজত যোগাযোগৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা হয়। ভাৰতে কৈছে যে দুয়োখন দেশৰ মাজত সৰ্বাংগীন সম্পৰ্ক আগুৱাই নিয়াৰ বাবে সীমান্তত অবিৰত শান্তি আৰু স্থিতিশীলতা অতি প্ৰয়োজনীয়।

আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে উল্লেখ কৰে যে ভাৰত আৰু চীনৰ মাজত জ্যেষ্ঠ সামৰিক সেনাধ্যক্ষ পৰ্যায়ত প্ৰথম পতাকা বৈঠক ৬ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ ৱাচাত আৰু ৭ ছেপ্টেম্বৰত চীনৰ দমাইত অনুষ্ঠিত হৈছিল।

মুখপাত্ৰগৰাকীয়ে কয়, ‘২০২৫ চনৰ আগষ্ট আৰু ২০২৬ চনৰ আগষ্ট মাহত ভাৰত আৰু চীনৰ বিশেষ প্ৰতিনিধিৰ মাজত যি সহমতত উপনীত হৈছিল, আৰু তাৰ পিছত ২০২৬ চনৰ মে’ আৰু আগষ্ট মাহত বেইজিং আৰু নতুন দিল্লীত অনুষ্ঠিত হোৱা ৱৰ্কিং মেকানিজম ফৰ কনচালটেচন এণ্ড ক’অৰ্ডিনেচন (ডব্লিউ এম চি চি) বৈঠকত হোৱা আলোচনাৰ ভিত্তিত জ্যেষ্ঠ সামৰিক কমাণ্ডাৰ-স্তৰত প্ৰথমখন পতাকা বৈঠক অনুষ্ঠিত হৈছিল ৬ ছেপ্টেম্বৰত অৰুণাচল প্ৰদেশৰ ৱাচাত, আৰু ৭ ছেপ্টেম্বৰত চীনৰ ফালৰ পৰা দামাইত একেধৰণৰ ব্যৱস্থা আছে।”

উল্লেখযোগ্য যে ২০২৫ চনৰ পৰা ভাৰত-চীনৰ সম্পৰ্ক ক্ৰমান্বয়ে উন্নত হোৱাৰ লক্ষণ দেখা গৈছে। কৈলাশ মানসৰোৱৰ যাত্ৰা পুনৰ আৰম্ভ হৈছে, চীনৰ নাগৰিকৰ বাবে প্ৰত্যক্ষ বিমান সেৱা আৰু পৰ্যটন ভিছা পুনৰ মুকলি কৰা হৈছে, আৰু নাথু লাৰ দৰে সীমান্ত বাণিজ্যিক পথসমূহ পুনৰ মুকলি কৰা হৈছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande