
এশ সপ্তাহত ড্রাগছমুক্ত হ'ব দেশ
গুৱাহাটী, ০৭ ছেপ্তেম্বৰ (হি.স.)। সমগ্র দেশক নক্সালসন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ পিছত অহা এশ সপ্তাহৰ ভিতৰত অসম তথা উত্তৰ-পূৰ্বাঞ্চলকে ধৰি ভাৰতবৰ্ষক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰা সংকল্পৰ প্ৰতি ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আদৰণি জনাইছে।
উল্লেখযোগ্য যে যোৱা ৬ ছেপ্তেম্বৰৰ দিনা গোৱাৰ পানাজী চহৰত এক সংবাদমেলত অংশগ্রহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে দেশৰ পৰা নক্সাল সন্ত্রাসবাদীক নিঃশেষ কৰাৰ দৰেই অহা এশ সপ্তাহৰ ভিতৰত ড্ৰাগছৰ সকলোধৰণৰ ব্যৱসায় আৰু বিতৰণ ব্যৱস্থাক সম্পূর্ণরূপে সমাপ্ত কৰি দিয়া হ'ব বুলি ঘোষণা কৰিছিল। কেন্দ্ৰীয় গৃহমন্ত্রীয়ে ড্ৰাগছ সৰবৰাহ আৰু বিতৰণ ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰি সমগ্ৰ দেশতেই ড্ৰাগছৰ বিৰুদ্ধে পৰিকল্পিতভাৱে নির্ণায়ক অভিযান তীব্র কৰি তোলাৰ বাবে গ্ৰহণ কৰা কঠোৰ স্থিতিক সময়োপযোগী বুলি বৰ্ণনা কৰি ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে কয় যে, চৰকাৰৰ এই পদক্ষেপে দেশৰ যুৱ শক্তিৰ ভৱিষ্যৎ সুৰিক্ষত কৰাত বিশেষ ভূমিকা পালন কৰিব।
উল্লেখযোগ্য যে কেন্দ্রীয় গৃহবিভাগে ইতিমধ্যে সমগ্ৰ দেশতেই ৰাজ্য চৰকাৰসমূহৰ সহযোগত ব্যাপক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে। দেশৰ বিভিন্ন প্রান্তত বিগত সময়ত চলা ড্ৰাগছ বিৰোধী অবিৰত কঠোৰ অভিযানত ২০১৪-২০২৬ চনৰ ভিতৰত মুঠ ১.১৮ কোটি কিলোগ্রামতকৈ অধিক অবৈধ নিচাজাতীয় দ্রব্য জব্দ কৰা হৈছে। এনেদৰে জব্দ কৰা নিচাজাতীয় দ্রব্যৰ বজাৰ মূল্য প্রায় ১.৮৪ লাখ কোটিৰ হ'ব বুলি কেন্দ্রীয় গৃহবিভাগে ঘোষণা কৰিছে। অবিৰত অভিযানত চৰকাৰে প্ৰায় ৮৯,৮৯৬ কোটি মূল্যৰ ৪২.৪৭ লাখ কিলোগ্রামতকৈ অধিক নিচাজাতীয় দ্রব্য ধ্বংস কৰা বুলি তামুলীয়ে বিবৃতিটোত উল্লেখ কৰে।
ড্ৰাগছৰ বিৰুদ্ধে সম্পূৰ্ণ 'জিৰ' ট'লাৰেন্স নীতিৰ আধাৰত সমগ্ৰ দেশৰ ২৮ হাজাৰ স্থানত ১ কোটিতকৈ অধিক যুৱক-যুৱতী সমবেত হৈ চৰকাৰৰ ড্ৰাগছ বিৰোধী অভিযানৰ অংশীদাৰ হ'ব। অহা এশ সপ্তাহৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰা হ'ব বুলি ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে জানিবলৈ দিয়ে। সাধাৰণতে সীমান্তৰ সিপাৰৰ পৰা আমাৰ দেশলৈ ড্ৰাগছ সৰবৰাহ কৰা হয়। সীমান্তৰে সংলগ্ন ড্ৰাগছ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় পথ চিৰদিনৰ কাৰণে বন্ধ কৰি দিয়াৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্রহণ কৰিছে চৰকাৰে। এই ব্যৱস্থা অনুসৰি পঞ্জাৱৰে সংলগ্ন আন্তঃৰাষ্ট্ৰীয় সীমান্তত সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ) ৰ অধিকাৰক্ষেত্ৰ ১৫ কিলোমিটাৰৰ পৰা ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে। ঠিক একেদৰে অসম, পশ্চিম বংগ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰে সংলগ্ন আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰাপত্তা ৰক্ষীৰ নিৰীক্ষণ বৃদ্ধি কৰা হৈছে। বাংলাদেশেৰে সংলগ্ন সীমান্তত বি এছ এফ ক, ম্যানমাৰেৰে সংলগ্ন সীমান্তত অসম ৰাইফলছক আৰু ভাৰত-ভুটান তথা ভাৰত-নেপাল সীমান্তত এছ এছ বি ক কেন্দ্রীয় গৃহবিভাগে ড্ৰাগছ বিৰোধী অভিযানৰ বাবে সষ্টম কৰি তুলিছে।
চৰকাৰৰ এনে পদক্ষেপৰ বাবেই ড্রাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰীৰ চোৰাং সৰবৰাহ কৰা আন্তঃৰাষ্ট্ৰীয় সীমান্তত থকা পথসমূহ ক্রমান্বয়ে বন্ধ হ'বলৈ ধৰিছে। ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে ঘোষণা কৰা এশ সপ্তাহৰ অভিযানৰ সময়ছোৱাত প্রতি দেওবাৰে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক একত্ৰিত কৰি লাখ লাখ যুৱক-যুৱতীক নিচাজাতীয় সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে সজাগ কৰা হ'ব।
আনহাতে, সমগ্র দেশৰ লগতে অসমতো ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ২০২১ চনৰ পৰাই ব্যাপক অভিযান চলি আছে। এই সময়ছোৱাত চৰকাৰে ২ হাজাৰতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ২০২৪ পর্যন্ত ২,৯১৯.৯৬ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্রী জব্দ কৰি নষ্ট কৰি দিয়া বুলি মিডিয়া পেনেলিষ্ট প্রিয়ংকা তামুলীয়ে কয়। উল্লেখযোগ্য যে ২০২৪ চনৰ পৰা ২০২৬ চনলৈ ৰাজ্য চৰকাৰে জব্দ কৰা নিচাজাতীয় দ্রব্যৰ মূল্য যোগ কৰিলে এই পৰিমাণ প্রায় ৩৬৪০ কোটি টকালৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। এই তথ্যসমূহে স্পষ্ট কৰে যে ৬০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ আৰু ব্যৱহাৰ নির্মূল কৰাৰ বাবে বদ্ধপৰিকৰ। ড্ৰাগছৰ অবৈধ বেহা নিয়ন্ত্রণ কৰি দেশৰ যুৱপ্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এণ্টি নার্ক'টিকছ টাস্ক ফ'চ গঠন কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে। ড্রড্ৰাগছ বিৰোধী যুঁজ আৰু অধিক তীব্র, কঠোৰ আৰু নিৰ্ণায়ক কৰি তোলাৰ বাবেই মুখ্যমন্ত্রীয়ে টাস্ক ফ'ৰ্চ গঠনৰ সিদ্ধান্ত লোৱা বুলি তামুলীয়ে কয়।
টাস্ক ফ'র্চ গঠন কৰাৰ সমান্তৰালভাৱে এই বৰবিহৰ বিৰুদ্ধে অভিযান অধিক শক্তিশালী কৰিবলৈ চৰকাৰে কেইবাটাও পৰ্যায়ত কঠোৰ ব্যৱস্থাৰ বাবে ইতিমধ্যে সিদ্ধান্ত লৈছে। এই সিদ্ধান্ত অনুসৰি অনাগত দিনত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰতম আইনী শাস্তি গ্ৰহণ কৰাৰ লগতে এনে ব্যৱসায়ীৰ সা-সম্পত্তি জব্দ কৰি ড্ৰাগছৰ বেহা উৎখাত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা ল'ব বুলি বিবৃতিটোত তামুলীয়ে উল্লেখ কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী