
হায়দৰাবাদ, ০৭ ছেপ্টেম্বৰ (হি.স.)। তেলেংগানা বিধানসভাৰ বৰ্ষাকালিন অধিৱেশন প্ৰতিবাদৰ মাজতে সোমবাৰৰ পৰা আৰম্ভ হয় । ক’লা টি-চাৰ্ট পিন্ধি বিধানসভা চৌহদত প্ৰৱেশ কৰিব বিচৰা ভাৰত ৰাষ্ট্ৰ সমিতিৰ কাৰ্যকৰী সভাপতি কে.টি. ৰামা ৰাও (কেটিআৰ) আৰু প্ৰাক্তন মন্ত্ৰী টি হৰিশ ৰাওকে ধৰি কেইবাজনো বিধায়কক আৰক্ষীয়ে বাধা প্ৰদান কৰে। পিছত আৰক্ষীয়ে কেটিআৰ, হৰিশ ৰাও আৰু অন্যান্য নেতাক আটক কৰি তেলেংগানা ভৱনলৈ লৈ যায়।
কংগ্ৰেছ চৰকাৰৰ কথিত অপূৰণীয় নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ প্ৰতিবাদত কংগ্ৰেছে নিশ্চয়তা কাৰ্যকৰী কৰাত ব্যৰ্থ আৰু ১০০০ দিনৰ শাসন ব্যৱস্থা ব্যৰ্থ আদি শ্লোগানেৰে ক'লা টি-চাৰ্ট পিন্ধি বিধানসভাত উপস্থিত হয় বি আৰ এছৰ বিধায়কসকলে। আৰক্ষীয়ে ঘোষণা কৰে যে ৰাজনৈতিক বাৰ্তা থকা টি-চাৰ্ট পিন্ধাসকলক চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া নহয়। ইয়াৰ ফলত মূল গেটত নেতা আৰু আৰক্ষীৰ মাজত তৰ্ক-বিতৰ্ক আৰু হতাহতি আৰম্ভ হয়।
বি আৰ এছে দাবী কৰা মতে, বৈঠকৰ সময়ত কে টি আৰ আৰু প্ৰাক্তন মন্ত্ৰী জি জগদীশ ৰেড্ডী সামান্য আঘাতপ্ৰাপ্ত হয়। মহিলা বিধায়কক আৰক্ষীয়ে মেনহেণ্ডেল কৰাৰ অভিযোগো দলটোৰ। বিধায়িকা ভি সুনীতা লক্ষ্ম ৰেড্ডীয়ে প্ৰতিবাদৰ সময়ত ভৰি ভৰিৰে মোহাৰি যোৱাৰ অভিযোগ উত্থাপন কৰে। কেটিআৰৰ জনসংযোগ বিষয়া মহেশো আহত হোৱা বুলি জানিব পৰা গৈছে।
প্ৰৱেশৰ পৰা বঞ্চিত হোৱাত হৰিশ ৰাৱে টি-চাৰ্ট খুলি ৰাজহুৱা সমস্যা উত্থাপন কৰিবলৈ সদনৰ ভিতৰত সোমাবলৈ অনুমতি দিবলৈ দাবী জনায়। পিছত তেওঁক কেটিআৰ আৰু অন্যান্য নেতাৰ সৈতে আটক কৰা হয়। ইফালে অসামৰিক সাজ পিন্ধি অহা বি আৰ এছৰ সদস্যক বিধানসভা চৌহদত প্ৰৱেশ কৰিবলৈ দিয়া হয়।
অধিৱেশনৰ প্ৰথম দিনাই বিধানসভাৰ সন্মুখৰ গান পাৰ্কত আৰম্ভ হয় প্ৰতিবাদ। কেটিআৰে কয় যে বিআৰএছৰ মুৰব্বী কে চন্দ্ৰশেখৰ ৰাৱে (কেচিআৰে) চৰকাৰৰ অপূৰণীয় নিশ্চয়তাৰ সন্দৰ্ভত সদনত উত্তৰ দাবী কৰিবলৈ দলৰ নেতাসকলক নিৰ্দেশ দিছিল।
বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত প্ৰতিবাদ আৰু আৰক্ষীৰ কাৰ্যকলাপে প্ৰায় ৩০ৰ পৰা ৪০ মিনিট ধৰি অঞ্চলটোৰ যাতায়ত ব্যাহত হৈ পৰে। দলীয় বিধায়কৰ বিৰুদ্ধে এই কার্যকলাপৰ প্রতিবাদত তালাছানী শ্রীনিবাস যাদৱ, পি সবিতা ইন্দ্র ৰেড্ডী, কোভা লক্ষ্মী, মাধৱৰাম কৃষ্ণ ৰাওৰ লগতে বি আৰ এছৰ আন আন নেতাসকলে বিধানসভাৰ লবীৰ প্রৱেশদ্বাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেটিআৰে প্ৰশ্ন উত্থাপন কৰে যে লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীক সংসদত ক’লা টি-চাৰ্ট পিন্ধিবলৈ অনুমতি দিয়াৰ সময়ত তেলেংগানা বিধানসভাত বিআৰএছৰ নেতাসকলক ক’লা টি-চাৰ্ট পিন্ধিবলৈ কিয় বাধা দিয়া হৈছিল।
তেওঁ কংগ্ৰেছ চৰকাৰে নিৰ্বাচনৰ সময়ত ৪২০টা প্ৰতিশ্ৰুতি দি ১০০ দিনৰ ভিতৰত পূৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ উত্থাপন কৰে। কেটিআৰে দাবী কৰে যে চৰকাৰৰ কাৰ্যকালৰ ১০০০ দিনৰ পাছতো এটাও প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই।
বিধানসভাৰ সমীপত আৰক্ষীৰ এই কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বিআৰএছ কৰ্মীসকলক আহ্বান জনায় কেটিআৰে। বি আৰ এছে প্ৰতিবাদৰ সময়ত মহিলা বিধায়কৰ প্ৰতি অশ্লীল আচৰণৰ অভিযোগো উত্থাপন কৰে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ