ডেডিকেটেড ফ্ৰেইট কৰিড’ৰৰ দ্বাৰা মালবাহী পৰিবহণ দক্ষতা আৰু সামগ্ৰী সৰবৰাহৰ দিশত ৰে’ল সংযোগৰ শক্তিশালীকৰণ
গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (ডিএফচি) নেটৱৰ্কৰ ফলপ্ৰসূ ৰূপায়ণে দেশৰ মালবাহী ৰে’লৰ পৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ৰূপান্তৰৰ সূচনা কৰিছে । ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ অফ ইণ্ডিয়া লিমিটেড(ডিএফচিচিআইএল)ৰ দ্বাৰা নিৰ্মিত
ডেডিকেটেড ফ্ৰেইট কৰিড’ৰৰ দ্বাৰা মালবাহী পৰিবহণ দক্ষতা আৰু সামগ্ৰী সৰবৰাহৰ দিশত ৰেল সংযোগৰ শক্তিশালীকৰণ


গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ (ডিএফচি) নেটৱৰ্কৰ ফলপ্ৰসূ ৰূপায়ণে দেশৰ মালবাহী ৰে’লৰ পৰিবহণ ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ ৰূপান্তৰৰ সূচনা কৰিছে ।

ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ অফ ইণ্ডিয়া লিমিটেড(ডিএফচিচিআইএল)ৰ দ্বাৰা নিৰ্মিত এই সৰ্ব্বমুঠ ২,৮৪৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নেটৱৰ্কত পঞ্জাবৰ নিউ চাহনেৱালৰ পৰা বিহাৰৰ নিউ সোননগৰলৈ ১,৩৩৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ আৰু উত্তৰ প্ৰদেশৰ নিউ দাদৰীৰ পৰা মহাৰাষ্ট্ৰৰ নিউ জৱাহৰলাল নেহৰু প’ৰ্ট অথৰিটি (জেএনপিটি)লৈ ১,৫০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিড’ৰ অন্তৰ্ভুক্ত হৈছে। চলিত বৰ্ষৰ ৩১ মাৰ্চত বৈতৰ্ণা-জেএনপিটি খণ্ডৰ প্ৰায় ১০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাম সম্পূৰ্ণ হোৱাৰ ফলত সমগ্ৰ ৱেষ্টাৰ্ণ ডিএফচি কাৰ্যকৰী হৈ উঠাৰ পৰিণামস্বৰূপে দেশৰ অন্যতম গুৰুত্বপূৰ্ণ পশ্চিম অঞ্চলৰ সামুদ্ৰিক প্ৰৱেশদ্বাৰলৈ অবিৰত মালবাহী ৰে’লৰ সংযোগ স্থাপন হৈছে।

ডিএফচি নেটৱৰ্কে ইতিমধ্যে উল্লেখযোগ্য পৰিসৰত সেৱা আগবঢ়াইছে আৰু ভাৰতীয় ৰে’লৱেৰ মুঠ মালবাহী পৰিবহণৰ ১৪ শতাংশতকৈ অধিক অংশ প্ৰায় ৪ শতাংশ ৰে’লৱে নেটৱৰ্কৰ জৰিয়তে পৰিচালন কৰি আছে। চলিত বৰ্ষৰ ৩১ আগষ্ট পৰ্যন্ত এই নেটৱৰ্কত প্ৰায় ৫.২১ লাখ মালবাহী ৰে’লৰ ট্ৰিপৰ পৰিচালন কৰা হয় আৰু প্ৰতিদিনে গড়ে প্ৰায় ৪৩৫খন ৰে’ল চলাচল কৰে। এই নেটৱৰ্কে আনুমাণিক ৬৫৮ বিলিয়ন গ্ৰছ টন কিলোমিটাৰ আৰু ৩৬০ বিলিয়ন নেট টন কিলোমিটাৰৰ পৰিচালনেৰে অভিলেখ স্থাপন কৰিছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত মালবাহী ৰেলৰ পৰিবহণৰ পৰিমাণ ১৩.৭৪ শতাংশ বৃদ্ধি হোৱাৰ লগতে যাত্ৰী পৰিবহণৰ প্ৰাধান্য থকা গুৰুত্বপূৰ্ণ ৰেল পথসমূহৰ পৰা মালবাহী ৰেলৰ পৰিবহণ পৃথক কৰাৰ ফলত এই কৰিড’ৰসমূহে পৰম্পৰাগত ৰে’ল নেটৱৰ্কত অতিৰিক্ত সক্ষমতা সৃষ্টি কৰাৰ লগতে দ্ৰুত মালবাহী পৰিবহণ, উন্নত সময়ানুবৰ্তিতা আৰু অধিক নিৰ্ভৰযোগ্য গ্ৰাহক সেৱাৰ দিশত অধিক সক্ষমতাৰে অৰিহণা যোগাইছে।

ইষ্টাৰ্ণ ডিএফচি, ইয়াৰ বিহাৰত থকা ৯৯ কিলোমিটাৰ অংশসহ, পূব আৰু উত্তৰ-পূব ভাৰতৰ দিশে মালবাহী পৰিবহণ শক্তিশালী কৰাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্বপূৰ্ণ। বৃহত্তৰ ভাৰতীয় ৰে’লৱে নেটৱৰ্কৰ সৈতে ইয়াৰ সংযোগে খাদ্যশস্য, সাৰ, পেট্ৰ’লিয়ামজাত সামগ্ৰী, কয়লা, চিমেণ্ট, অটোম’বাইল, কণ্টেইনাৰযুক্ত সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ অধিক দক্ষ পৰিবহণত ইয়াৰ সংমণ্ডলসমূহক লাভালাভ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ উপৰি এই সংযোগে উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগ, ব্যৱসায়ী আৰু কৃষিজাত সামগ্ৰী উৎপাদকসকলৰ বাবে দেশৰ গুৰুত্বপূৰ্ণ উৎপাদন কেন্দ্ৰ, উপভোক্তাৰ বজাৰ আৰু বন্দৰসমূহলৈ অধিক উন্নত সংযোগ উপলব্ধ কৰিব। দ্ৰুত আৰু অধিক পূৰ্বানুমানযোগ্য মালবাহী সেৱাই উত্তৰ-পূৰ্বাঞ্চলৰ পৰা চাহ, উদ্যানজাত সামগ্ৰী, প্ৰক্ৰিয়াকৃত খাদ্য আৰু অন্যান্য সময়-সংবেদনশীল সামগ্ৰীৰ পৰিবহণত বিশেষভাৱে সহায় কৰিব পাৰিব।

ডিএফচি নেটৱৰ্কৰ লগতে গতি শক্তি কাৰ্গো টাৰ্মিনেল, মাল্টি মডেল লজিষ্টিক ফেচিলিটি, ডিজিটেল ফ্ৰেইট মেনেজমেন্ট চিষ্টেম তথা ট্ৰাক-অন-ট্ৰেইনৰ দৰে দ্ৰুত পাৰ্চেল কাৰ্গোৰ দৰে উদ্ভাৱনীমূলক সেৱাসমূহে লজিষ্টিক ব্যয়, পথৰ যানজঁট, ডিজেলৰ ব্যৱহাৰ আৰু কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত সহায় কৰিব। উত্তৰ-পূব সীমান্ত ৰে’লৱে আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এই উন্নত ৰাষ্ট্ৰীয় মালবাহী পৰিবহণ ব্যৱস্থাই যোগান ধাৰাবাহিকতা বৃদ্ধি কৰাৰ লগতে মালবস্তু সৰবৰাহ আৰু ৱেৰ হাউচিঙৰ বাবে বিনিয়োগ আকৰ্ষণ কৰি কেৱল দেশৰ ভিতৰতে নহয়, বিদেশী প্ৰত্যক্ষ বিনিয়োগতো আকৰ্ষণ কৰাত সহায় কৰিব যাৰ দ্বাৰা কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰি উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক শক্তিশালীভাৱে সংযুক্ত কৰাত সহায় কৰিব।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande