
ধেমাজি, ০৭ ছেপ্টেম্বৰ (হি.স.)। ধেমাজি সদৰ আৰক্ষী থানাৰ সন্মুখত উত্তপ্ত পৰিস্থিতি। ৰাজপথ অৱৰোধেৰে প্ৰতিবাদ প্ৰতিবাদকাৰীৰ৷
ধেমাজি সদৰ আৰক্ষী থানাৰ সন্মুখত ছাত্ৰৰ মৃতদেহ লৈ প্ৰতিবাদ গাওঁৰ ৰাইজৰ । উল্লেখ্য যে ধেমাজি বঙালমাৰী গাওঁত আজি সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ খুন্দাত থিতাতে নিহত ৭ বছৰীয়া ছাত্ৰৰ৷
বঙালমাৰী মিৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ আছিল জন ঙাটে। বিদ্যালয়ৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত গাড়ীৰে খুন্দিয়াই কণমানিটোক।
গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কণমানি গৰাকী থিতাতে নিহত হয় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । দুৰ্ঘটনা সংঘটিত কৰা বলেৰ' বাহন খন এজন আৰক্ষী জোৱানে চলাই আহিছিল বুলি দাবী কৰিছে ৰাইজে।
মৃত ছাত্ৰ জনৰ ন্যায় আৰু আৰক্ষী জোৱান জনক কঠোৰ শাস্তিৰ দাবী প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু