নগাঁও জিলা বঢ়মপুৰৰ অন্তৰ্গত চাপানলাত মুকলি দৃষ্টি কম্পিউটাৰ একাডেমী নামৰ এখন কম্পিউটাৰ শিক্ষানুষ্ঠান
নগাঁও, ০৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলা বঢ়মপুৰৰ অন্তৰ্গত চাপানলাত মুকলি কৰা হল দৃষ্টি কম্পিউটাৰ একাডেমী নামৰ এখন কম্পিউটাৰ শিক্ষানুষ্ঠান। উক্ত কম্পিউটাৰ একাডেমীখনৰ শুভ উদ্ধোধন কৰে কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক অৰবিন্দ চৌধুৰীৰ লগতে সহযোগ কৰে চাপানলা
নগাঁও জিলা বঢ়মপুৰৰ অন্তৰ্গত চাপানলাত মুকলি দৃষ্টি কম্পিউটাৰ একাডেমী নামৰ এখন কম্পিউটাৰ শিক্ষানুষ্ঠান


নগাঁও, ০৭ ছেপ্টেম্বৰ (হি.স.)। নগাঁও জিলা বঢ়মপুৰৰ অন্তৰ্গত চাপানলাত মুকলি কৰা হল দৃষ্টি কম্পিউটাৰ একাডেমী নামৰ এখন কম্পিউটাৰ শিক্ষানুষ্ঠান। উক্ত কম্পিউটাৰ একাডেমীখনৰ শুভ উদ্ধোধন কৰে কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক অৰবিন্দ চৌধুৰীৰ লগতে সহযোগ কৰে চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়ন।

উল্লেখ্য যে চাপানলা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলৰ সুবিধাৰ্থে চাপানালাত মুকলি কৰা হল দৃষ্টি কম্পিউটাৰ একাডেমী নামৰ এখনি কম্পিউটাৰ চেণ্টাৰ।

চাপানালা অঞ্চলৰ ছাত্ৰ ছাত্ৰী সকলে যাতে সুদূৰ পুৰণিগুদাম বা চামগুৰি নোযোৱাকৈ যাতে চাপানলাতেই কম্পিউটাৰ শিক্ষা গ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখিয়েই দৃষ্টি কম্পিউটাৰ একাডেমীখন মুকলি কৰা হৈছে ।

লগতে উক্ত অনুষ্ঠানটিত কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক অৰবিন্দ চৌধুৰী, চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়ন দৃষ্টি কম্পিউটাৰ একাদেমীৰ তত্বাৱধায়কৰ লগতে, অঞ্চলটোৰ বহুতো গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande