
গুৱাহাটী, ০৭ ছেপ্তেম্বৰ(হি.স.)। গুৱাহাটীৰ বেলতলাৰ বশিষ্ঠপুৰত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ অভিযুক্ত ৰামানুজ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে ন ন তথ্য পোহৰলৈ আহিছে । দেওবাৰে নিশা দিশপুৰ থানাত আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰাৰ পাছত হত্যাকাণ্ডৰ অভিযুক্ত গৰাকীক হাতীগাঁও আৰক্ষী থানাত গতাই দিয়া হয়।
আৰক্ষীৰ সূত্ৰ অনুসৰি, আত্মসমৰ্পণৰ সময়ত ৰামানুজ গোস্বামীয়ে পিন্ধি থকা পোছাকত তেজৰ দাগ আছিল। লগতে আৰক্ষীৰ আগত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। দেওবাৰে নিশা গুৱাহাটীৰ বেলতলা-বশিষ্ঠপুৰৰ ৪ নম্বৰ উপপথৰ ১৪ নম্বৰ ঘৰত অতি নৃশংস অৱস্থাত উদ্ধাৰ হয় ৰিয়া তালুকদাৰৰ মৃতদেহ। ‘অঞ্জলি গৃহ’ নামৰ অট্টালিকাটোৰ তৃতীয় মহলাৰ নিজা ফ্লেটৰ পৰা আৰক্ষী মৃতদেহ উদ্ধাৰ কৰে ।
আৰক্ষী প্ৰকাশ কৰা তথ্য অনুসৰি, পত্নী ৰিয়া তালুকদাৰক অতি নৃশংসভাৱে হত্যা কৰিছিস স্বামী ৰামানুজে। পত্নীক শিৰচ্ছেদ কৰাৰ লগতে হাতৰ আঙুলিও কটা হৈছিল। ইফালে ফ্ৰীজৰ ভিতৰত ক’লা পলিথিনত মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ হয় ৰিয়াৰ ছিন্নমুণ্ড। মুণ্ডহীন মৃতদেহটো শোৱনি কোঠাৰ বিচনাৰ কাষত উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ফ্ৰীজৰ নিচেই কাষত উদ্ধাৰ হৈছে কেইবাটাও ধূপৰ পেকেট।
ঘটনাস্থলীৰ পৰা এখন দা আৰু কেইবাটাও সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে। ফৰেনছিক দলে দা আৰু সুৰাৰ বটলৰ পৰা আঙুলিৰ চাপ সংগ্ৰহ কৰিছে। আৰক্ষীৰ প্ৰাথমিক তদন্ত অনুসৰি, ৰিয়া তালুকদাৰক ঘটনাৰ প্ৰায় ৪৮ ঘণ্টাৰ পূৰ্বে হত্যা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে। মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাৰ পিছতে ঘটনাটো পোহৰলৈ অহাৰ তথ্যও প্ৰকাশ পাইছে।
দুটা পলিথিনৰ টোপোলাত ৰিয়াৰ মৃতদেহৰ অংশ জিএমচিএইছলৈ লৈ যোৱা হয়। আজি মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ কথা। আৰক্ষীৰ তদন্তত অভিযুক্ত ৰামানুজ গোস্বামীৰ স্বীকাৰোক্তিত কেইবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অভিযোগ অনুসৰি, হত্যাৰ পিছত ৰামানুজে মৃতদেহৰ কাষতে বহি সুৰাপান আৰু খাদ্য গ্ৰহণ কৰিছিল। আনকি মৃতদেহৰ টুকুৰা কুকুৰক খুওৱাৰ পৰিকল্পনাও কৰিছিল বুলি আৰক্ষীৰ তদন্তত তথ্য পোহৰলৈ আহিছে। ইফালে, ৰামানুজে নিজৰ লগতে পত্নীৰ ম’বাইল ফোনো ভাঙি নষ্ট কৰিছিল বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে।
হত্যাকাণ্ড সংঘটিত হোৱা গৃহটোৰ একাংশ প্ৰতিবেশী সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি ঘটনাৰ পূৰ্বে ভুক্তভোগী ৰিয়া তালুকদাৰৰ ঘৰৰ পৰা হুলস্থূল আৰু কান্দোনৰ শব্দ শুনা গৈছিল। সেই সময়ত ৰামানুজ গোস্বামীৰ কন্ঠস্বৰ শুনা গৈছিল। শনিবাৰে নিশা প্ৰায় ৮ বজাত স্থানীয় লোকে ৰামানুজক অন্তিমবাৰৰ বাবে দেখা পোৱা বুলি জানিব দিয়ে। তেওলোকে বাস কৰা ফ্লেটৰ দুৱাৰ খন এপাত মোজাৰে চেপি বন্ধ কৰি ওলাই আহিছিল ৰামানুজ। আনহাতে, শনিবাৰেই ৰামানুজে চুলিৰ ৰং সলনি কৰা বুলিও জানিব পৰা গৈছে।
ৰামানুজ গোস্বামীৰ প্ৰকৃত ঘৰ ধুবুৰীৰ গৌৰীপুৰত। আনহাতে, হত্যাকাণ্ডৰ বলী ৰিয়া তালুকদাৰৰ মাতৃৰ ঘৰ গুৱাহাটীৰ নুনমাটিত। ৰিয়া তালুকদাৰে ফাঁচীবজাৰৰ এচি মাৰ্কেটৰ এখন বুটিকত কাম কৰিছিল বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তদন্তত ৰামানুজৰ ড্ৰাগছ আসক্তিৰ বিষয়টোও পোহৰলৈ আহিছে। জানিব পৰা মতে, ইয়াৰ বাবে তেওঁ পূৰ্বে প্ৰায় তিনিমাহ ৰিহেবিলিটেচন চেণ্টাৰত আছিল। বৰ্তমান হাতীগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ