
ধেমাজী, ০৭ ছেপ্টেম্বৰ (হি.স.)। জোনাইত খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ দুগৰাকী ছাত্ৰ সহ ১০ গৰাকী লোক গুৰুতৰ ভাৱে অসুস্থ। জোনাইত নাম-কীৰ্তনৰ মাহ-প্ৰসাদ গ্ৰহণ কৰি খাদ্য বিষক্ৰিয়াত আক্ৰান্ত হৈ ১০ গৰাকী লোক গুৰুতৰ ভাৱে অসুস্থ হৈ পৰিছে। জানিব পৰা মতে, দেওবাৰে জোনাইৰ ৰতকেৰ ফাৰ্ম বস্তি গাঁৱৰ এঘৰত নিশা বছেৰেকীয়া ভাদ মাহৰ নাম-কীৰ্তনৰ আয়োজন কৰা হৈছিল। উক্ত নাম-কীৰ্তনত নাম-কীৰ্তন পৰিৱেশন কৰিবলৈ ৩নং ৰাজাখানা গাঁৱৰ পাঠিকা দলক আমন্ত্ৰণ জনোৱা হৈছিল।
নাম-কীৰ্তন সমাপ্ত হোৱাৰ পাছত মাহ-প্ৰসাদ গ্ৰহণ কৰাৰ কিছু সময়ৰ পিছতে পাঠিকা দলটোৰ কেইবা গৰাকীও সদস্যৰ শৰীৰত জ্বৰ, মূৰৰ বিষ, বমি আৰু পেটৰ বিষ আদি বিভিন্ন লক্ষণে দেখা দিয়ে আৰু পৰৱৰ্তী সময়ত ইজনৰ পিছত সিজনকৈ লোক গুৰুতৰভাৱে অসুস্থ হৈ পৰে। পিছত অসুস্থ লোক সকলক ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইফালে, খাদ্য বিষক্ৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। অসুস্থ ১০ গৰাকী লোকৰ ভিতৰত এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰসহ দুগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু