
গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। গুৱাহাটী মহানগৰীৰ ধাৰাপুৰৰ পৰা চুৰি হোৱা ডাম্পাৰ অৱশেষত ডিমাপুৰত আজাৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । যোৱা ২৭ চেপ্তেম্বৰত ধাৰাপুৰৰ পৰা এএছ ০১ বিচি ১০৩৪ নম্বৰৰ ডাম্পাৰখন ৰাখি থোৱা অৱস্থাতেই চুৰি হৈছিল। বিশেষ সূত্ৰৰ পম খেদি অৱশেষত আজাৰা আৰক্ষীৰ নেতৃত্বত যোৱা এটি দলে ডিমাপুৰৰ অতি দুৰ্গম অঞ্চলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
নাগালেণ্ডত কেবাদিনো ধৰি আৰক্ষী আৰু ডাম্পাৰৰ মালিকে বাহৰ পাতি অভিযান চলাই আছিল। নাগালেণ্ডৰ ডিমাপুৰৰ অতি দুৰ্গম পাহাৰীয়া ঠাইত ৰাখি থোৱা ডাম্পাৰখন উদ্ধাৰ কৰি আজাৰা থানালৈ লৈ আহে। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাই প্ৰফাইল চোৰৰ গেংঙে প্ৰায়েই এনেদৰে ডাম্পাৰ চুৰি কৰি ডিমাপুৰত বিক্ৰি কৰি আহিছে ।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু