
উপ-ৰাষ্ট্ৰপতিৰ দ্বাৰা ‘চন্দ্ৰকান্ত অভিধান’ৰ নতুন সংস্কৰণ আৰু ড॰ ভূপেন হাজৰিকা বিষয়ক গ্ৰন্থ উন্মোচন
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্টেডিয়ামক আন্তঃৰাষ্ট্ৰীয় মানলৈ উন্নীত কৰাৰ বাবে অতিৰিক্ত ধনৰ যোগান ধৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ
এখন বিশ্ববিদ্যালয়ৰ প্ৰকৃত মূল্যায়ন ই গঢ় দিয়া বৌদ্ধিক সম্পদ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সঞ্চাৰ কৰা মূল্যবোধৰ জৰিয়তেহে প্ৰতিফলিত হয় ঃ মুখ্যমন্ত্ৰী
গুৱাহাটী, ০৭ ছেপ্টেম্বৰ (হি.স.)। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১০ কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস কৰাৰ লগতে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অধ্যাপক-অধ্যাপিকা তথা বিশিষ্ট নাগৰিকসকলৰ সৈতে অনুষ্ঠিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানতে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয় ছপাশালৰ পৰা প্ৰকাশিত ‘চন্দ্ৰকান্ত অভিধান’ৰ পঞ্চম সংশোধিত আৰু পৰিৱৰ্ধিত সংস্কৰণ আৰু ‘ভূপেন হাজৰিকা– হাণ্ড্ৰেড ইয়েৰ্ছ অব্ এ ৱাণ্ডাৰিং ছং’ শীৰ্ষক গ্ৰন্থ দুখনো উন্মোচন কৰে ৷
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দেশৰ উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক অসমবাসীৰ হৈ আন্তৰিক অভিনন্দন আৰু স্বাগতম জনায় ৷ উপ-ৰাষ্ট্ৰপতিগৰাকীৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচীক বিশেষভাৱে তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গীতানগৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই কাৰ্যসূচীত তেখেতৰ অংশগ্ৰহণে শিক্ষাৰ ৰূপান্তৰকাৰী শক্তি আৰু দেশৰ ভৱিষ্যত গঢ়াত নৱপ্ৰজন্মৰ ভূমিকাৰ প্ৰতি থকা তেখেতৰ গভীৰ বিশ্বাসকে প্ৰতিফলিত কৰিছে ৷ জনগণৰ সেৱাত চাৰি দশকতকৈও অধিক কাল অতিবাহিত কৰা উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে পূৰ্বে সাংসদ তথা ঝাৰখণ্ড, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আৰু পুডুচেৰীৰ উপ-ৰাজ্যপাল হিচাপে আগবঢ়োৱা নিস্বাৰ্থ সেৱাৰ কথা মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাৰে সোঁৱৰে ৷ বিশেষকৈ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ মাজত উচ্চ শিক্ষাৰ প্ৰসাৰ, যুৱপ্ৰজন্মক ড্ৰাগছৰ কৱলৰ পৰা মুক্ত কৰাৰ প্ৰয়াস আৰু এখন স্বাস্থ্যৱান সমাজ গঢ়াৰ দিশত তেখেতে গ্ৰহণ কৰা অভিনৱ পদক্ষেপসমূহ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱপ্ৰজন্মৰ বাবে এক অম্লান প্ৰেৰণাৰ উৎস বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷
গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰ হিচাপে গৌৰৱবোধ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই শিক্ষানুষ্ঠানৰ সৈতে অসমবাসীৰ হৃদয়ৰ আৱেগ গভীৰভাৱে জড়িত হৈ আছে ৷ অগণন লোকৰ ত্যাগ আৰু প্ৰচেষ্টাৰে গঢ় লৈ উঠা এই বিশ্ববিদ্যালয়ে ৰাজ্যৰ শৈক্ষিক আৰু সাংস্কৃতিক ক্ষেত্ৰত সম্প্ৰতি এক মহীৰূহৰ ৰূপ লৈছে বুলি তেওঁ মন্তব্য কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ে জন্ম দিয়া বহু খ্যাতিমান সন্তানে ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান ৩০০ খনৰো অধিক মহাবিদ্যালয়ৰ জৰিয়তে এই শিক্ষানুষ্ঠানে ৩ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ জীৱন স্পৰ্শ কৰিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ বিলুপ্তিৰ পথত থকা ভাষাসমূহৰ সংৰক্ষণ আৰু বিজ্ঞান পৰম্পৰা তথা সমকালীন জ্ঞানৰ মাজত সংযোগ স্থাপনৰ জৰিয়তে বিশ্ববিদ্যালয়ে সমাজৰ প্ৰতি নিজৰ গভীৰ দায়বদ্ধতা প্ৰতিফলিত কৰিছে বুলি তেওঁ কয়৷ নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনেৰে কৰ্মজগতৰ পৰিৱৰ্তিত চাহিদাৰ সৈতে খাপ খুৱাই ল’বলৈ বিশ্ববিদ্যালয়খনে কৰা প্ৰয়াসৰো তেওঁ শলাগ লয় ৷
আন্তঃগাঁথনি উন্নয়নৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এখন বিশ্ববিদ্যালয়ৰ প্ৰকৃত মূল্যায়ন ই গঢ় দিয়া বৌদ্ধিক সম্পদ আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সঞ্চাৰ কৰা মূল্যবোধৰ জৰিয়তেহে প্ৰতিফলিত হয় ৷ ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনি বিকাশৰ বাবে ২৫০ কোটি টকা অনুদান ঘোষণা কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ অংশস্বৰূপেই আজি উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ১১০ কোটি টকা ব্যয়সাপেক্ষ শৈক্ষিক ভৱন, ছাত্ৰাবাস আৰু আৱাসিক চৌহদ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিলে ৷ চলিত বিত্তীয় বৰ্ষৰ ভিতৰতে অনুমোদন জনাব পৰাকৈ বাকী ১৪০ কোটি টকাৰ প্ৰকল্পৰ প্ৰস্তাৱো চৰকাৰক অতি সোনকালে দাখিল কৰিবলৈ তেওঁ বিশ্ববিদ্যালয় পৰিয়ালক আহ৩ান জনায় ৷ ইয়াৰ উপৰি বিশ্ববিদ্যালয়ৰ ষ্টেডিয়ামখন আন্তঃৰাষ্ট্ৰীয় মানলৈ উন্নীত কৰাৰ বাবে চৰকাৰে অতিৰিক্ত ধনৰ যোগান ধৰিব বুলিও তেওঁ ঘোষণা কৰে ৷
আজিৰ অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিগৰাকীৰ দ্বাৰা দুখন গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷ আজি উন্মোচিত ধ্ৰুপদী অসমীয়া ভাষাৰ চহকী ঐতিহ্যৰ জীৱন্ত দলিলস্বৰূপ ‘চন্দ্ৰকান্ত অভিধান’ৰ পঞ্চম সংশোধিত আৰু পৰিৱৰ্তিত সংস্কৰণ আৰু ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা ‘ভূপেন হাজৰিকা– হাণ্ড্ৰেড ইয়েৰ্ছ অব্ এ ৱাণ্ডাৰিং ছং’ নামৰ গ্ৰন্থ দুখনে আমাৰ ভাষা, ঐতিহ্য আৰু সাংস্কৃতিক উত্তৰাধিকাৰৰ বাৰ্তা বহন কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে৷ জ্ঞানক কেৱল আহৰণ কৰাই নহয়, ইয়াক সমাজৰ প্ৰগতিৰ বাবে কৰ্মত ৰূপায়ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘বিকশিত ভাৰত ২০৪৭’ৰ সপোনৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই সপোন বাস্তৱায়িত কৰিবলৈ আমাক এনে এক প্ৰজন্মৰ প্ৰয়োজন যি নিজৰ মূল্যবোধৰ সৈতে সংপৃক্ত হৈ প্ৰযুক্তিৰ ব্যৱহাৰতো আত্মবিশ্বাসী হয় ৷ জাপান, চীন বা আমেৰিকা যুক্তৰাষ্ট্ৰ দৰে দেশৰ তুলনাত ভাৰতবৰ্ষৰ জনসংখ্যাৰ মধ্যম বয়স যথেষ্ট কম বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ ভিতৰতে অসম অন্যতম কম বয়সীয়া যুৱশক্তিৰ বাসস্থান আৰু এই বিপুল যুৱশক্তিয়ে অসমৰ লগতে দেশলৈ এক অভূতপূৰ্ব সম্ভাৱনা কঢ়িয়াই আনিছে ৷ বিশ্বত দেখা দিয়া দক্ষ মানৱ সম্পদৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ যুৱপ্ৰজন্মক কেৱল ৰাজ্য বা দেশৰ বাবেই নহয়, বৰঞ্চ গোলকীয় মানৰ মানৱ সম্পদ হিচাপে গঢ়ি তুলিব লাগিব৷ ইয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি জাপানী, জাৰ্মান আদি বিদেশী ভাষাসমূহ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰি ছাত্ৰ-ছাত্ৰীসকলক বিশ্বমুখী কৰিবলৈ তেওঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায় ৷
টাইৱানৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে পযাৰ্প্ত প্ৰাকৃতিক সম্পদ নথকাৰ পিছতো কেৱল ‘ইক’চিষ্টেম’ৰ বিকাশ আৰু উন্নত প্ৰযুক্তিৰ বলত এই সৰু ৰাষ্ট্ৰখনে বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে ৷ অসমৰ জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ উদ্যোগটোক ফলপ্ৰসূ কৰিবলৈ হ’লে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক ইক’চিষ্টেম গঢ়ি তুলিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ ইয়াৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ক কৃত্ৰিম বুদ্ধিমত্তা, ‘ডাটা মাইনিং’ আৰু উন্নত প্ৰযুক্তিৰ গৱেষণাৰ এক আধুনিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ তেওঁ বিশ্ববিদ্যালয় পৰিয়ালক অনুৰোধ জনায় যাতে পৰৱৰ্তী পৰ্যায়ৰ বিৱৰ্তন অসমৰ পৰাই আৰম্ভ হ’ব পাৰে ৷
এক প্ৰাসংগিক উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে ধ্বংস সদায় সহজ আৰু ই মাথোঁ এক মুহূৰ্তৰ সিদ্ধান্ত হ’ব পাৰে, কিন্তু সৃষ্টিৰ মাজত কঠিনতা লুকাই থাকে আৰু ইয়াৰ বাবে ইতিবাচক তথা গঠনমূলক চিন্তাৰ প্ৰয়োজন৷ নিৰাশাবাদী আৰু ধ্বংসাত্মক চিন্তা পৰিহাৰ কৰি যুৱপ্ৰজন্মক ঋণাত্মক চিন্তাৰ সলনি ইতিবাচক চিন্তাৰে আগবাঢ়িবলৈ তেওঁ আহ৩ান জনায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ে এনে এক যুৱপ্ৰজন্ম নিৰ্মাণ কৰিব যিসকলে ২০৪৭ চনৰ ভিতৰত অসমক ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সপোন দেখিব আৰু সেই সপোনৰ পম খেদি অসম্ভৱকো সম্ভৱ কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে গভীৰ বিশ্বাস ব্যক্ত কৰে ৷
আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড॰ ৰণোজ পেগু, পশুপালন আৰু পশুচিকিৎসা আদি বিভাগৰ মন্ত্ৰী নীলিমা দেৱী, কেইবাগৰাকীও বিধায়ক, মুখ্য সচিব ড॰ ৰবি কোটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেচাৰ ননীগোপাল মহন্ত, পঞ্জীয়ক প্ৰফেচাৰ উৎপল শৰ্মাকে ধৰি বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকল, বহুকেইগৰাকী শিক্ষাবিদ আৰু বিশিষ্ট নাগৰিককে ধৰি আন বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী