
কামৰূপ, ০৭ ছেপ্টেম্বৰ (হি.স.)।
ৰঙিয়াৰ মধুকুচিৰ পূৱ কছাৰী মহলত স্থাপন হ'বলগীয়া উদ্ভিদ উদ্যানৰ নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হয়।ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতা আৰু কামৰূপ জিলা আয়ুক্ত দেৱাশীষ মিশ্ৰৰ উপস্থিতিত আধাৰশিলা স্থাপন কাৰ্যসূচী ৰূপায়ন কৰা হয় । প্ৰায় ৪ কোটি টকা ব্যয় সাপেক্ষে
বৃহত্তৰ অঞ্চলটোৰ ১৫ বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া উদ্যান খনে বৃহত্তৰ অঞ্চলটোৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে পৰিৱেশ সংৰক্ষণ আৰু পৰ্যটনৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰে বিধায়ক ভবেশ কলিতাই।
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা, ৰঙিয়া পৌৰসভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ প্ৰমুখ্যে আন কেইবা গৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা