
নগাঁও, ০৭ ছেপ্টেম্বৰ (হি.স.)। স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ শীঘ্ৰে বিজেপি দলত যোগদান কৰিব। নগাঁও বিজেপি কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এই মন্তব্য কৰে। স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই অহা দুই এদিনতে বিজেপি দলত যোগদান কৰিব
ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয় যে নগাঁও সংসদীয় সমষ্টিৰ প্ৰাৰ্থী হিচাপে দলে ৰাজ্যিকৰ পৰা পেনেলত নাম প্ৰেৰণ কৰিব আৰু কেন্দ্ৰীয় নিৰ্বাচনী সমিতিয়ে বিবেচনা কৰি যাৰ জিকাৰ সম্ভাৱনা বেছি আৰু ৰাইজৰ মাজতো জনপ্ৰিয়তা বেছি তাকে প্ৰাৰ্থী হিচাপে বাচনি কৰিব ।
তেওঁ কয় যে সংখ্যা লঘু আৰু সংখ্যা গুৰুৱে উন্নয়ন বিচাৰে, গতিকে উন্নয়নৰ কাৰণে গণতন্ত্ৰক শক্তিশালী কৰি নিজৰ আশা আকাংক্ষা পূৰণ কৰি দাবুল ইঞ্জিন চৰকাৰক জয়ী কৰিব।
---------------
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু