এইবাৰ ৰাজ্যত অনুষ্ঠিত হ’ব শিশু খেল মহাৰণ
গুৱাহাটী, ০৭ ছেপ্তেম্বৰ (হি.স.)। আজি ৰাজ্যিক কেবিনেটৰ এক বৈঠক সম্পন্ন হৈ যায়। কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ বৈঠকৰ অন্তত কেবিনেটে আজি লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে সাংবাদিকক জ
ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ সংবদমেল সম্বোধন


গুৱাহাটী, ০৭ ছেপ্তেম্বৰ (হি.স.)। আজি ৰাজ্যিক কেবিনেটৰ এক বৈঠক সম্পন্ন হৈ যায়। কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ বৈঠকৰ অন্তত কেবিনেটে আজি লোৱা সিদ্ধান্ত সমূহৰ বিষয়ে সাংবাদিকক জনায়।

তেঁও জনায় যে এইবাৰ ৰাজ্যত অনুষ্ঠিত হ’ব শিশু খেল মহাৰণ। খেল মহাৰণত পূৰ্বতে ১৩ বছৰৰ ওপৰৰ সকলে অংশ লৈছিল। এইবাৰ ১২ বছৰ তলৰ শিশুসকলক লৈ শিশু খেল মহাৰণো অনুষ্ঠিত হ'ব। ইয়াৰ মূল লক্ষ্য হ'ব শিশুসকলৰ প্ৰতিভাক বিচাৰি ওলিওৱা ।

খেল মহাৰণৰ পৰা ৩০০ শিশুৱে পাব জলপানি আৰু ভাল প্ৰতিষ্ঠানত খেলাৰ সুযোগ দিয়া হ'ব। খেল মহাৰণত এইবাৰ যোগাসনো থাকিব। ফুটবল, ছুইমিং, দবা আদি খেল থাকিব। ১ নৱেম্বৰ পৰা আৰম্ভ হ'ব খেল মহাৰণ আৰু ১৮ জানুৱাৰী পৰা ২৩ জানুৱাৰীলৈ হ'ব গুৱাহাটীত ৰাজ্যিক পৰ্যায়ত।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘২ লাখ চৰকাৰী নিযুক্তিৰ বাবে পদোন্নতি এতিয়া অতি দৰকাৰী। অসম সচিবালয়ৰ কম্পিউটাৰ অপাৰেটৰসমূহ জুনিয়ৰ প্ৰশাসনীয় সহায়ক হ'বৰ বাবে অভিজ্ঞতা লাগিছিল ৪ বছৰৰ। কিন্তু এতিয়াৰ পৰা ৩ বছৰলৈ হ্ৰাস কৰা হৈছে পদোন্নতিৰ অভিজ্ঞতা। আন বিভাগসমূহেও আঁতৰাব লাগিব পদোন্নতিৰ ক্ষেত্ৰত থকা জটিলতা। অতি সোনকালে ইয়াৰ বাবে সঞ্চালকসকলৰ লগত হ'ব বৈঠক।’’

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘অসমৰ প্ৰাক্তন সামৰিক বাহিনীৰ বিষয়া, জোৱানৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ নিযুক্তিৰ বাবে বয়সৰ সময়সীমা আছিল ৪২ বছৰ। এতিয়া বৃদ্ধি হ'ল ৪৫ বছৰলৈ আৰু ২ শতাংশই থাকিব সংৰক্ষণ ব্যৱস্থা।’’

ৰাজ্যিক কেবিনেটে সিদ্ধান্ত অনুসৰি ‘‘নৱম শ্ৰেণীত পঢ়ি থকা ছাত্ৰ ছাত্ৰীয়ে পূৰ্বৰ দৰে এইবাৰো লাভ কৰিব চাইকেল। অসমত গ্ৰীণ চেছ প্ৰয়োগ হ'ব। প্ৰদূষণযুক্ত উদ্যোগ সমূহে গ্ৰীণ চেছ দিব লাগিব। ইয়াৰ ধন বহনক্ষম উন্নয়নৰ বাবে ব্যৱহাৰ কৰা হ'ব। শিল ভঙা উদ্যোগ, ইটা ভাটা, বাহিৰৰ পৰা অহা কাঠৰ উদ্যোগ আৰু যি উদ্যোগে গ্ৰাউণ্ড ৱাটাৰ ব্যৱহাৰ কৰে তেওঁলোকে দিব লাগিব গ্ৰীণ চেছ।’’ অসম গ্ৰীণ চেছ পলিচি ২০২৬ ত অনুমোদন প্ৰদান কৰিলে কেবিনেটে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande