

আহমেদাবাদ, ০৬ ছেপ্টেম্বৰ (হি.স.)। গুজৰাটৰ বিখ্যাত সাবৰমতী ৰিভাৰফ্ৰন্টত দেওবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হয় ৱৰ্ল্ড আৰ্চাৰী পেৰা ছিৰিজ ২০২৬ প্ৰতিযোগিতা। চৰকাৰী অনুশীলন আৰু সঁজুলি পৰীক্ষাৰ পিছত ধনুৰ্বিদসকলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
প্ৰতিযোগিতাৰ প্ৰথম দিনাই পেৰা ৰিকাৰ্ভ অৰ্হতা ৰাউণ্ড আৰু ব্যক্তিগত এলিমিনেচন ৰাউণ্ড অনুষ্ঠিত হয়। পুৰুষ আৰু মহিলাৰ ৰিকাৰ্ভ শাখাত মুঠ ৩৯ গৰাকী ধনুৰ্বিদে অংশগ্ৰহণ কৰে, য’ত ভাৰতৰ আঠগৰাকীও আছিল। ভাৰতীয় খেলুৱৈসকলে আকৰ্ষণীয় প্ৰদৰ্শনেৰে প্ৰতিযোগিতা আৰম্ভ কৰে। পাৰা ৰিকাৰ্ভ পুৰুষৰ অৰ্হতাত ২০ জন ধনুৰ্বিদৰ ভিতৰত হৰবিন্দৰ সিঙে তৃতীয় স্থান দখল কৰাৰ বিপৰীতে মহিলা শাখাত ভৱনাই ১৯ গৰাকী ধনুৰ্বিদৰ ভিতৰত তৃতীয় স্থান দখল কৰে।
আঠজন ভাৰতীয় ধনুৰ্বিদেই পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িল। পুৰুষৰ শাখাত হৰবিন্দৰ সিং, পাৰবীন, সহজবীৰ সিং, আৰু বিজয় সুন্দীয়ে পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যোৱাৰ বিপৰীতে মহিলা শাখাত ভৱনা, পূজা কুমাৰী, ৰাজশ্ৰী ধনৰাজ ৰাথোৰ, আৰু পূজাই পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়ি যায়। মহিলাৰ অৰ্হতাত ইণ্ডোনেছিয়া শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে পুৰুষৰ অৰ্হতাত ইৰাণে প্ৰথম স্থান দখল কৰে।
ইয়াৰ ফলত প্ৰতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ ছবিখন স্পষ্ট হৈ পৰে। কাইলৈ ভাৰতীয় ধনুৰ্বিদসকলে পেৰা-কম্পাউণ্ড ইভেণ্টত প্ৰতিদ্বন্দ্বিতা কৰিব। প্ৰতিযোগিতাৰ দ্বিতীয় দিনা পেৰা-কম্পাউণ্ড শাখাৰ ধনুৰ্বিদসকলে খেলপথাৰত নামিব। শীতল দেৱী, পয়াল নাগ, ৰাকেশ কুমাৰকে ধৰি আগশাৰীৰ ভাৰতীয় ধনুৰ্বিদসকলে তেওঁলোকৰ প্ৰত্যাহ্বান দাঙি ধৰিব। প্ৰথম দিনাৰ ইভেণ্টৰ লগে লগে এতিয়া প্ৰতিযোগিতাখন চূড়ান্ত পৰ্যায়ৰ দিশে আগবাঢ়িছে। অনাগত দিনত বিভিন্ন শাখাত অৰ্হতা আৰু এলিমিনেচন ৰাউণ্ড অনুষ্ঠিত হ’ব। অহা ৮ আৰু ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ফাইনেল আৰু পদক অনুষ্ঠান।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ