
নতুন দিল্লী, ০৬ ছেপ্টেম্বৰ (হি.স.)। দক্ষিণ-পশ্চিম দিল্লীত দেওবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ দক্ষিণ কেম্পাছৰ সমীপৰ সত্য নিকেতন (পিজি) বিল্ডিং ভাঙি এইমছৰ ট্ৰমা চেণ্টাৰলৈ অনা ৭ জন আহত ছাত্ৰৰ ভিতৰত দুজনৰ মৃত্যু হৈছে। আন কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা। ঘটনাস্থলীত অব্যাহত আছে এক বৃহৎ উদ্ধাৰ অভিযান। এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, দিল্লীৰ উপ-ৰাজ্যপাল, আৰু মুখ্যমন্ত্ৰীয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি কয় যে তেওঁ মুখ্যমন্ত্ৰী, দিল্লী আৰক্ষী আয়ুক্ত আৰু এন ডি আৰ এফৰ সঞ্চালক প্ৰধানৰ সৈতে কথা পাতি স্থল পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ উল্লেখ কৰে যে স্থানীয় প্ৰশাসন আৰু এন ডি আৰ এফে একেলগে দ্ৰুত গতিত উদ্ধাৰ অভিযান চলাই আছে। আহতসকলক প্ৰয়োজনীয় সকলো চিকিৎসা সাহায্য প্ৰদান কৰা হৈছে। তেওঁ আটাইকেইজন আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰে।
দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ তৰণজিৎ সিং সন্ধুৱে সংশ্লিষ্ট সকলো সংস্থাক সমন্বয়ৰে কাম কৰিবলৈ আৰু ঘটনাস্থলীত দ্ৰুত উদ্ধাৰ অভিযান নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই।
মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (ডিডিএম), ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), দিল্লী অগ্নিনিৰ্বাপক সেৱা, দিল্লী আৰক্ষী, এমচিডি, আৰু অসামৰিক প্ৰতিৰক্ষাৰ দলসমূহে যুদ্ধৰ ভিত্তিত উদ্ধাৰ অভিযান চলাই আছে। সাৱধানতা স্বৰূপে কাষৰীয়া অট্টালিকাটো খালী কৰা হৈছে। আৱদ্ধ হৈ থকাসকলক নিৰাপদে উলিয়াই আনি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক তাৎক্ষণিকভাৱে সহায় কৰাৰ বাবে সকলো প্ৰচেষ্টা চলোৱা হৈছে। পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰখাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া