
নতুন দিল্লী/ৰিয়াধ, ০৬ ছেপ্টেম্বৰ (হি.স.)। বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী কীৰ্তি বৰ্ধন সিঙে দেওবাৰে ছৌদি আৰৱৰ মানৱ সম্পদ আৰু সামাজিক উন্নয়ন মন্ত্ৰী অভিযন্তা আহমেদ বিন চুলেইমান আল ৰাঝিক সাক্ষাৎ কৰে।
কীৰ্তি বৰ্ধন সিঙে ইনষ্টাগ্ৰামত লিখিছে, ছৌদি আৰৱৰ মন্ত্ৰী আহমেদ বিন চুলেইমান আল-ৰাঝিক সাক্ষাৎ কৰি আনন্দিত হৈছিলোঁ। শ্ৰম আৰু জনশক্তি খণ্ডত ভাৰত-চৌদি আৰৱৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হৈছিল, যিয়ে আমাৰ কৌশলগত অংশীদাৰিত্বৰ গভীৰতা আৰু ক্ৰমবৰ্ধমান গতিবেগক প্ৰতিফলিত কৰিছিল।
উল্লেখযোগ্য যে শনিবাৰে চৌদি আৰৱ ভ্ৰমণৰ বাবে ৰিয়াদত উপস্থিত হয় কীৰ্তি বৰ্ধন। তাত তেওঁক উষ্ম আদৰণি জনোৱা হ’ল। সমকক্ষসকলৰ সৈতে উৎপাদনশীল বৈঠক অনুষ্ঠিত কৰাৰ লগতে তাত থকা ভাৰতীয় সম্প্ৰদায়ৰ সদস্য আৰু ব্যৱসায়িক নেতাৰ সৈতে উৎপাদনশীল আলোচনা কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া