
শোণিতপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ বালিপৰা ঘোৰামাৰীৰ বটাবাৰীত অঘটন। বটাবাৰীৰ উহনি পথাৰত পুখুৰীত পৰি এজন যুৱকৰ সলিল সমাধি ঘটে। ৰাহুল বসুমতাৰী নামৰ যুৱক জন পুখুৰীত পৰি মৃত্যু ঘটে। যোৱাকালিৰে পৰা নিখোজ হৈ আছিল যুৱকজন। পুখুৰীৰ পাৰত যুৱক জনৰ চেন্দেল যোৰ দেখি সন্দেহত পুখুৰীত বিচাৰখোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল।
আজি এছডিআৰএফ ক খবৰ দিয়াত এছডিআৰএফ ৰ জোৱান সকলে পুখুৰীত সন্ধান চলোৱাত পুখুৰীটোৰ পৰা ৰাহুল বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে মৃতদেহটো মৰোনত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা