কলিয়াবৰৰ ভঁড়ালী গাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ
নগাঁও, ২৪ ছেপ্টেম্বৰ (হি.স.)। কলিয়াবৰৰ ভঁড়ালী গাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নিশাই ওলাই আহিছিল প্ৰকাণ্ড হাতীটো। ভঁড়ালী গাঁৱৰ ধাননি পথাৰত বিচৰণ কৰাৰ লগতে কাষৰীয়া জংঘলত বন্যহস্তীটোৱে অৱস্থান গ্ৰহণ কৰাত আতংকিত
কলিয়াবৰৰ ভঁড়ালী গাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ


নগাঁও, ২৪ ছেপ্টেম্বৰ (হি.স.)। কলিয়াবৰৰ ভঁড়ালী গাঁৱত বন্যহস্তীৰ মুক্ত বিচৰণ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নিশাই ওলাই আহিছিল প্ৰকাণ্ড হাতীটো। ভঁড়ালী গাঁৱৰ ধাননি পথাৰত বিচৰণ কৰাৰ লগতে কাষৰীয়া জংঘলত বন্যহস্তীটোৱে অৱস্থান গ্ৰহণ কৰাত আতংকিত হৈ পৰিছে গঞা ৰাইজ।

আতংকিত গঞা ৰাইজে লগে লগে খবৰ দিয়ে জখলাবন্ধা বন বিভাগক। বন বিভাগৰ লোক বৰ্তমান উপস্থিত হৈ পহৰা দিছে হাতীটোক। প্ৰকাণ্ড বন্যহস্তীটো সন্ধিয়া বনাঞ্চললৈ ঘূৰাই পঠোৱাৰ আশ্বাস বনবিভাগৰ লোকৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande