
কামৰূপ, ২৪ ছেপ্টেম্বৰ (হি.স.)। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিছ ৰোড বৰ্তমান হৈ পৰিছে গধুৰ গধুৰ ট্ৰাক সমুহৰ পাৰ্কিং স্থলী । সৃষ্টি হৈছে ভয়াবহ যানযতৰ। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথটোৰ ডোৰাকহৰাত গধুৰ ট্ৰাক সমুহ পাৰ্কিং কৰাৰ ফলত যঠেষ্ট সমস্যাৰ সৃষ্টি কৰিছে অঞ্চল বাসীৰ লগতে পথটোৰে চলাচল কৰা লোক সকলক । ওচৰতে থকা সেনা চাউনীৰ জোৱান সকলে কোনো অসুবিধা নোহোৱাকৈ চাউনীলৈ ওলোৱা সোমৱা কৰিব পৰাকৈ নিৰ্মান কৰিছিল চাৰ্ভিছ ৰোডটো ।
কিন্ত উক্ত অবৈধ পাৰ্কিঙে সেনা সকলকো অহা যোৱা কৰাত অসুবিধাৰ সৃষ্টি কৰি আহিছে । ইয়াৰোপৰি এনেদৰে পাৰ্কিং কৰাৰ ফলত চুৰি কাৰ্য বৃদ্ধি হোৱা বুলিও উল্লেখ কৰে স্থানী ৰাইজে । ডোৰাকহৰাৰ শালৈ চুবুৰীৰ ৰাইজে এই অবৈধ পাৰ্কিংটো উঠাই দিবলৈ জিলা আয়ুক্তৰ ওচৰত দাবী জনোৱাৰ পিচতো কেৰেপ কৰা নাই ট্ৰাকৰ চালক সকলে । স্থানীয় ৰাইজে অতি শীঘ্ৰে পাৰ্কিংটো উঠাই দিবলৈ সংবাদ মাধ্যমৰ জড়িয়তে দাবী জনাই ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা