
যোৰহাট, ২৪ ছেপ্তেম্বৰ (হি.স.)। অৰুণোদয় আঁচনিৰ পৰা নাম কর্তন কৰাক কেন্দ্ৰ কৰি তিতাবৰত উত্তপ্ত পৰিস্থিতি। তিতাবৰৰ মেলামাটি গাঁও পঞ্চায়ত ঘেৰাও কৰিলে বঞ্চিত মহিলাই। অর্ধ শতাধিক মহিলাই পঞ্চায়ত ঘেৰাও কৰি সভানেত্ৰীক জবাবদিহি কৰে।
অভিযোগ অনুসৰি, দীৰ্ঘদিন ধৰি অৰুণোদয় আঁচনিৰ ধন লাভ কৰি অহা বহু দুখীয়া মহিলাৰ নাম নতুন তালিকাৰ পৰা কর্তন কৰা হৈছে। কোনো জাননী নিদিয়াকৈয়ে নাম কটাৰ অভিযোগ উত্থাপন কৰিছে মহিলা সকলে। ইফালে, যোগ্য হিতাধিকাৰীক বঞ্চিত কৰি অযোগ্য লোকক অৰুণোদয় প্ৰদান কৰাৰো অভিযোগ উঠিছে পঞ্চায়ত খনৰ বিৰুদ্ধে। বঞ্চিত মহিলা সকলে শীঘ্ৰে পুনৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে। অন্যথা বৃহত্তৰ আন্দোলনৰ হুংকাৰ দিছে মহিলা সকলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ