
তামুলপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। তামুলপুৰৰ বৃহত্তৰ কুম্ভীজাৰ গাওঁত গৰু চোৰৰ উপদ্ৰৱ। নিশাৰ ভিতৰতে দুটাকৈ পৰিয়ালৰ গৃহৰ পৰা চোৰে লৈ গল উন্নত প্ৰজাতিৰ গাই গৰু। পুৱা গৃহস্থই গোহালিত যাওঁতে দেখে ৰছী কাটি লৈ যোৱা দৃশ্য।
নিশা অঞ্চলটোৰ নাৰায়ণ দাস নামৰ লোকজনৰ চাহিল প্ৰজাতি তথা দেশী গাই গৰু দুটা, মুকেশ চৌহানৰ ক্রচ কৰা গাই গৰু এটা লৈ যায় চোৰে।
একে অঞ্চলৰ ধনা মাৰ্ডি নামৰ লোকজনৰ পৰাও হালোৱা গৰু দুটা ১৫ দিন পূৰ্বে লৈ যায় চোৰে। গৰু চোৰৰ উপদ্ৰৱত নিদ্ৰাহৰণ হৈছে বৰ্তমান অঞ্চলটোৰ গৃহস্থৰ।
এই ক্ষেত্ৰত আৰক্ষীৰ দুৰ্বল ভূমিকা সন্দৰ্ভতো প্ৰশ্ন তুলিছে স্থানীয় লোকে। অঞ্চলটোৰ চুৰি সমস্যা সন্দৰ্ভত বুজ লৈছে স্থানীয় পাৰিষদ তথা ইএম লক্ষী দাসে। শীঘ্ৰেই গৰু চোৰক চিনাক্ত কৰি উচিত শাস্তি বিহাৰ দাবী স্থানীয় লোকৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা