গোৱালপাৰাত সফল অস্ত্রোপচাৰ: বৃদ্ধাৰ পেটৰ পৰা উলিয়ালে প্ৰায় ৬ কেজি ওজনৰ বিশাল টিউমাৰ
গোৱালপাৰা, ২৪ ছেপ্তেম্বৰ (হি.স.)। গোৱালপাৰাৰ ছেভেন চিষ্টাৰ্ছ হাস্পতালত এক জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰি এগৰাকী বৃদ্ধাক নতুন জীৱন দান কৰে চিকিৎসকৰ দলে। জানিব পৰা মতে, হাতীমুৰাৰ বাসিন্দা সুৰজিৎ ৰাভাৰ ৬৯ বছৰীয়া মাতৃ দীর্ঘদিন ধৰি পেটৰ বিষ আৰু অ
গোৱালপাৰাত সফল অস্ত্রোপচাৰ: বৃদ্ধাৰ পেটৰ পৰা উলিয়ালে প্ৰায় ৬ কেজি ওজনৰ বিশাল টিউমাৰ


গোৱালপাৰা, ২৪ ছেপ্তেম্বৰ (হি.স.)। গোৱালপাৰাৰ ছেভেন চিষ্টাৰ্ছ হাস্পতালত এক জটিল অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰি এগৰাকী বৃদ্ধাক নতুন জীৱন দান কৰে চিকিৎসকৰ দলে। জানিব পৰা মতে, হাতীমুৰাৰ বাসিন্দা সুৰজিৎ ৰাভাৰ ৬৯ বছৰীয়া মাতৃ দীর্ঘদিন ধৰি পেটৰ বিষ আৰু অস্বাভাৱিকভাৱে পেট ফুলি থকা সমস্যাত ভুগি আছিল।

স্থানীয়ভাৱে বিভিন্ন চিকিৎসালয়ত দেখুওৱাৰ অন্তত পৰিয়ালৰ লোকে তেওঁক গোৱালপাৰালৈ আনে আৰু চনোগ্ৰাফী কৰোৱাৰ পাছত ডাঙৰ টিউমাৰ ধৰা পৰে। যাৰ পৰিপ্ৰেক্ষিতত যোৱা ২১ তাৰিখে ৰোগী গৰাকীক গোৱালপাৰাৰ ছেভেন চিষ্টাৰ্ছ হাস্পতালত ভৰ্তি কৰোৱা হয়। অস্ত্ৰোপচাৰ সম্পন্ন কৰা চিকিৎসক গৰাকীয়ে জনোৱা অনুসৰি, ৰোগী গৰাকীৰ পেটত প্ৰায় ৩৬ সপ্তাহৰ গৰ্ভাৱস্থাৰ সমান এক বিশাল ওভেৰিয়ান টিউমাৰ (Mucinous cystadenoma) আছিল, যাৰ জোখ আছিল ২২ চেঃমিঃ × ২২ চেঃমিঃ। ২২ তাৰিখে সফল অস্ত্ৰোপচাৰৰ জৰিয়তে পেটৰ পৰা প্ৰায় ৬ কেজি ওজনৰ টিউমাৰটো সফলতাৰে উলিয়াই অনা হয়। বৰ্তমান ৰোগী গৰাকী সুস্থ অৱস্থাত আছে আৰু সোনকালেই তেওঁক হাস্পতালৰ পৰা ৰিলিজ দিয়াৰ কথা উল্লেখ কৰে।

চিকিৎসক দলৰ এনাস্থেটিষ্ট ডাঃ আয়াৰ চাংমাই প্ৰকাশ কৰা মতে, কেছটো যথেষ্ট প্ৰত্যাহ্বান জনক আছিল যদিও সঠিক পৰিকল্পনা আৰু উন্নত পদ্ধতিৰে (Spinal আৰু Epidural Injection ব্যৱহাৰ কৰি) ৰোগীক কোনো ধৰণৰ অতিৰিক্ত বিষ নোহোৱাকৈ অস্ত্ৰোপচাৰটো সফল কৰা হয়। সফল অস্ত্ৰোপচাৰৰ অন্তত ৰোগীৰ পৰিয়ালে হাস্পতাল কৰ্তৃপক্ষ আৰু চিকিৎসক সকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande