শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ
শ্ৰীভূমি, ২৪ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰি পথলৈ ওলাই আহিল কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। ৩৭ নম্বৰ ৰাষ্ট্ৰীয়
শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ


শ্ৰীভূমি, ২৪ ছেপ্টেম্বৰ (হি.স.)। শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। শ্ৰীভূমিত ৰাষ্ট্ৰীয় ঘাইপথৰ জৰাজীৰ্ণ অৱস্থাক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰি পথলৈ ওলাই আহিল কৰিমগঞ্জ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকল। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ দাবীত কৰিমগঞ্জ মহাবিদ্যালয়ৰ সন্মুখত ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি পথটোৰ বিভিন্ন অংশত সৃষ্টি হোৱা গাঁত আৰু জৰাজীৰ্ণ অৱস্থাৰ বাবে যাতায়াতত ব্যাপক সমস্যাৰ সৃষ্টি হোৱা বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী সকলে।

পথ মেৰামতিৰ দায়িত্বত থকা NHIDCL নামৰ বহিঃৰাজ্যৰ কোম্পানীটোৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰে ছাত্ৰ-ছাত্ৰীসকলে। তেওঁলোকৰ অভিযোগ, ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা দিনক দিনে অধিক বেয়া হৈ পৰিছে যদিও মেৰামতিৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। বিশেষকৈ দুৰ্গাপূজাৰ সময়ত এই পথটোত যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। সেয়েহে পূজাৰ পূৰ্বেই পথটো সম্পূৰ্ণৰূপে মেৰামতি কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে।

ছাত্ৰ-ছাত্ৰী সকলে স্পষ্ট কৰি দিয়ে যে, দুৰ্গাপূজাৰ আগতে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ নকৰিলে তেওঁলোকৰ আন্দোলন অধিক তীব্ৰ ৰূপ ল'ব। ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিক লৈ ছাত্ৰ-ছাত্ৰীৰ এই প্ৰতিবাদৰ পিছত সংশ্লিষ্ট কৰ্তৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষ্যণীয় হ'ব।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande