
আইচি-নাগোয়া, ২৪ ছেপ্টেম্বৰ (হি.স.)। এছিয়ান গেমছ ২০২৬ত ভাৰতৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। স্কোয়াছত জোছনা চিনাপ্পা আৰু ভেলাভান চেন্থিলকুমাৰৰ যুটিয়ে মিক্সড ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ইফালে ৱুছুত ৰোশীবিনা দেৱীয়ে ৰূপৰ পদক, আৰু সতনম সিং আৰু ছলমান খানে নাওঁত ব্ৰঞ্জৰ পদক লাভ কৰে।
মিক্সড ডাবলছ ইভেণ্টত জোছনা আৰু ভেলাভানে দেশবাসী সুৰজ চান্দ আৰু ছামিনা ৰিয়াজক ২-০ (১১-৭, ১১-১০) ব্যৱধানত পৰাস্ত কৰে। ভাৰতীয় যুটিটোৱে প্ৰথমখন খেলত ১১-৭ আৰু দ্বিতীয়খন খেলত ১১-১০ ব্যৱধানত জয়লাভ কৰে। দ্বিতীয়খন খেলত সুৰজ আৰু ছামিনাই ৭-৯ ব্যৱধানত পিছ পৰি ৯-৯ ব্যৱধানত সমতা স্থাপন কৰে যদিও জোছনা আৰু ভেলাভানে অভিজ্ঞতাৰ মূলধন হিচাপে লৈ মেচখন জয়ী হয়।
ৱুছুত অনুষ্ঠিত হোৱা মহিলাৰ ৬০ কেজি চান্দা প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে ৰোশীবিনা দেৱীয়ে। ফাইনেলত চীনৰ জাং জিয়াওয়ুৰ হাতত ০-২ ব্যৱধানত পৰাস্ত হয়। দুয়োটা ৰাউণ্ডতে ৫-০ ব্যৱধানত জয়লাভ কৰে জাঙে। ২০১৮ চনত ব্ৰঞ্জৰ পদক আৰু ২০২২ চনত ৰূপৰ পদক লাভ কৰা ৰোছিবিনাই ২০২৬ চনত ৰূপৰ পদক লাভ কৰি এছিয়ান গেমছত ৱুছুত একেৰাহে তিনিটা পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
পুৰুষৰ ডাবল স্কালত সতনম সিং আৰু ছলমান খানে ৬ মিনিট ১৩.২৫ ছেকেণ্ড সময়েৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ৫০০, ১০০০, ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰিছিল যদিও অন্তিম পৰ্যায়ত পিছ পৰি ৰৈছিল ভাৰতীয় যুটিটোৱে। চীনৰ যুটি য়ি শ্বুডি আৰু নি য়িদে সোণৰ পদক লাভ কৰাৰ বিপৰীতে মেখৰোজবেক মামাটকুলভ আৰু পাভেল ছ’ৰিনে ৰূপৰ পদক লাভ কৰে।
পুৰুষৰ একক স্কালত পদক হেৰুৱাই চতুৰ্থ স্থান দখল কৰে বলৰাজ পানৱাৰে। ১৫০০ মিটাৰৰ নিৰ্দিষ্ট স্থানলৈকে তেওঁ দ্বিতীয় স্থানত আছিল যদিও অন্তিম ৫০০ মিটাৰত উজবেকিস্তানৰ শ্বাখবজ খোলমুৰ্জায়েভ আৰু জাপানৰ তাটছুয়া ছাকুৰামাৰ পিছত পৰে। বলৰাজে ৬ মিনিট ৫৪.৮০ ছেকেণ্ড সময় দখল কৰে। এই পদকসমূহৰ সৈতে এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ১৪টা হৈছেগৈ । ভাৰত এতিয়ালৈকে এটা সোণ, ৬টা ৰূপ, আৰু ৭টা ব্ৰঞ্জৰ পদক লাভ কৰিছে।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ