
কাকামিগাহাৰা, ২৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় পুৰুষ হকী দলৰ তাৰকা মিডফিল্ডাৰ বিবেক সাগৰ প্ৰসাদে ভাৰতৰ হৈ ২০০খন আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰি এক উল্লেখযোগ্য মাইলৰ খুঁটি অৰ্জন কৰিছে। জাপানত চলি থকা এছিয়ান গেমছ ২০২৬ত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে ভাৰতৰ তৃতীয়খন পুল এ মেচত তেওঁ এই কৃতিত্ব অৰ্জন কৰে। এই উল্লেখযোগ্য সাফল্যৰ বাবে হকী ইণ্ডিয়াই বিবেকক অভিনন্দন জনায়।
২৬ বছৰীয়া বিবেকে ২০১৮ চনত ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় হকীত অভিষেক ঘটায় । তেওঁৰ ৰচিত খেল শৈলী, বহুমুখীতা, আৰু গুৰুত্বপূৰ্ণ মুহূৰ্তত অৰিহণা যোগোৱাৰ ক্ষমতাই তেওঁক ভাৰতীয় দলৰ এক মূল কগ কৰি তুলিছে। টকিঅ’ ২০২০ আৰু পেৰিছ ২০২৪ অলিম্পিকত ভাৰতীয় দলৰ ব্ৰঞ্জৰ পদক বিজয়ী অভিযানৰ অংশ আছিল বিবেক।
২০২৩ চনৰ হাংঝু এছিয়ান গেমছত সোণৰ পদক আৰু ২০১৮ চনৰ জাকাৰ্টা এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলকো প্ৰতিনিধিত্ব কৰিছিল । ২০২২ চনৰ বাৰ্মিংহাম কমনৱেলথ গেমছ আৰু ২০১৮ চনৰ ব্ৰেডা চেম্পিয়নছ ট্ৰফীতো তেওঁ ৰূপৰ পদক লাভ কৰে । ২০২৩ আৰু ২০২৪ চনত এছিয়ান চেম্পিয়নছ ট্ৰফী জয় কৰা ভাৰতীয় দলৰ অংশ হিচাপে বিবেকে দুয়োটা সংস্কৰণতে স্বৰ্ণ পদক লাভ কৰিছিল । ২০২৫ চনৰ এছিয়া কাপত ভাৰতে খিতাপ জয়ৰ ক্ষেত্ৰতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
ভাৰতীয় হকীলৈ আগবঢ়োৱা অৱদানৰ বাবে ২০২১ চনত তেওঁক সন্মানীয় অৰ্জুন বঁটাৰে সন্মানিত কৰা হৈছিল। ২০০ খন আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰাৰ উপলক্ষে ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক ক্ৰেগ ফুলটনে বিবেকক স্মৃতিচাৰণ জাৰ্চি প্ৰদান কৰি সন্মানিত কৰে।
হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ তিৰ্কিয়ে বিবেকক অভিনন্দন জনাই কয় যে, ২০০খন ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰাটো এক উল্লেখযোগ্য কৃতিত্ব আৰু বিবেকৰ ধাৰাবাহিকতা, দায়বদ্ধতা, আৰু ভাৰতীয় হকীৰ প্ৰতি থকা আকৰ্ষণৰ প্ৰমাণ। এই বিশেষ কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জনাইছো আৰু ভাৰতীয় জাৰ্চিত আৰু বহু স্মৰণীয় মুহূৰ্তৰ কামনা কৰিছো।
হকী ইণ্ডিয়াৰ সচিব প্ৰধান ভোলানাথ সিঙে কয়, বিবেকে ২০০ খন ছিনিয়ৰ আন্তঃৰাষ্ট্ৰীয় মেচ সম্পূৰ্ণ কৰাটো হকী ইণ্ডিয়া আৰু ভাৰতীয় হকীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁৰ এই যাত্ৰাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ধাৰাবাহিক উৎকৰ্ষতা বজাই ৰাখিবলৈ প্ৰয়োজনীয় কঠোৰ পৰিশ্ৰম, অনুশাসন, আৰু নিষ্ঠাৰ প্ৰতিফলন ঘটায়। বিবেক ভাৰতৰ বাবে বহু স্মৰণীয় অভিযানৰ মূল অংশ হৈ আহিছে, আৰু এই কৃতিত্ব তেওঁৰ অৱদানৰ উপযুক্ত স্বীকৃতি। আমি তেওঁক অভিনন্দন জনাইছো। আৰু ভৱিষ্যতেও তেওঁৰ অবিৰত সফলতা কামনা কৰিলোঁ।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ