
আইচি-নাগোয়া (জাপান), ২৪ ছেপ্টেম্বৰ (হি.স.)। এছিয়ান গেমছ ২০২৬ত পুৰুষৰ ডাবল স্কালছ ইভেণ্টত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতীয় ৰোইং যুটি সতনম সিং আৰু ছলমান খানে ভাৰতৰ পদকৰ সংখ্যা বৃদ্ধি কৰে। ইফালে, পুৰুষৰ একক স্কালত পদক হেৰুৱাই চতুৰ্থ স্থান দখল কৰে বলৰাজ পানোৱাৰে।
বৃহস্পতিবাৰে ফাইনেলত সতনাম আৰু ছলমানে ৬ মিনিট ১৩.২৫ ছেকেণ্ড সময় অতিক্ৰম কৰি সোণৰ পদক বিজয়ী চীনৰ য়ি শ্বুদি আৰু নি য়িদেৰ যুটিৰ পৰা ৩.৪৮ ছেকেণ্ড পিছ পৰি ৰয়। উজবেকিস্তানৰ মেখৰোজবেক মামাটকুলভ আৰু পাভেল ছ’ৰিনে ৰূপৰ পদক লাভ কৰে।
দৌৰৰ প্ৰাৰম্ভিক পৰ্যায়ত ভাৰতীয় যুটিটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায়। ৫০০ মিটাৰ, ১০০০ মিটাৰ, আৰু ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰে সতনম আৰু ছলমানে। এটা সময়ত চীনা যুটিৰ পৰা মাত্ৰ আধা চেকেণ্ড পিছ পৰি আছিল যদিও অন্তিম পৰ্যায়ত তেওঁলোকৰ গতি লেহেমীয়া হৈ ব্ৰঞ্জৰ পদকত সন্তুষ্ট হ’বলগীয়া হৈছিল।
পুৰুষৰ একক স্কালছ ফাইনেলতো পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল বলৰাজ পানোৱাৰ। ৫০০ মিটাৰ, ১০০০ মিটাৰ আৰু ১৫০০ মিটাৰ দৌৰত দ্বিতীয় স্থান দখল কৰিছিল যদিও অন্তিম ৫০০ মিটাৰত উজবেকিস্তানৰ শ্বাখবজ খোলমুৰ্জায়েভ আৰু জাপানৰ তাটছুয়া ছাকুৰামাই তেওঁক অতিক্ৰম কৰিছিল। চতুৰ্থ স্থান দখল কৰে বলৰাজে।
এছিয়ান গেমছত ভাৰতৰ পদকৰ সংখ্যা ১৪।বৰ্তমান ভাৰতৰ হাতত আছে এটা সোণ, ৬টা ৰূপ, আৰু ৭টা ব্ৰঞ্জৰ পদক।
--------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ