
আইচি-নাগোয়া (জাপান), ২৪ ছেপ্টেম্বৰ (হি.স.)। ভাৰতীয় ৱুছু খেলুৱৈ নাওৰেম ৰোছিবিনা দেৱীয়ে এছিয়ান গেমছত একেৰাহে তৃতীয়বাৰৰ বাবে পদক লাভ কৰি ইতিহাস ৰচনা কৰে। মহিলাৰ ৬০ কেজি চাণ্ডা শাখাত ৰূপৰ পদক লাভ কৰি এছিয়ান গেমছত ৱুছুত একেৰাহে তিনিটাকৈ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয়।
বৃহস্পতিবাৰে ফাইনেলত চীনৰ জাং জিয়াওয়ুৰ হাতত ০-২ গ’লত পৰাস্ত হয় ৰোছিবিনা। ঝাঙে দুয়োটা ৰাউণ্ডত ৫-০ গ’লত জয়লাভ কৰি স্বৰ্ণ পদক লাভ কৰে।
২০১৮ চনৰ পৰাই এছিয়ান গেমছত পদকৰ ধাৰা আৰম্ভ হৈছিল ৰোছিবিনাৰ জাকাৰ্টা এছিয়ান গেমছত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ইয়াৰ পিছত ২০২২ চনৰ হাংঝু এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰে। এতিয়া ২০২৬ চনত আন এক ৰূপৰ পদক লাভ কৰি এছিয়ান গেমছত একেৰাহে তিনিটা পদক লাভ কৰাৰ কৃতিত্ব অৰ্জন কৰিছে।
ৰোশীবিনা দেৱীৰ এছিয়ান গেমছৰ পদকঃ
২০১৮ – ব্ৰঞ্জৰ পদক
২০২২ – ৰূপৰ পদক
২০২৬ – ৰূপৰ পদক
জাপানতো ৰোছিবিনাৰ চমকপ্ৰদ অভিযান অব্য়াহত আছিল। ছেমি ফাইনেলত ইণ্ডোনেছিয়াৰ থানিয়া কুছুমিংটিয়াছক ২-০ ব্য়ৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ২০২৩ চনৰ বিশ্ব চেম্পিয়ন ভিয়েটনামৰ নুয়েন থি থুই থুয়কো পৰাস্ত কৰিছিল।
ফাইনেলত পৰাজয়ৰ পিছতো ৰোছিবিনাৰ এই কৃতিত্ব ভাৰতীয় ৱুছুৰ বাবে ঐতিহাসিক। এতিয়া তেওঁ এছিয়ান গেমছৰ একেৰাহে তিনিটা সংস্কৰণত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ৱুছু খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ