
আইচি-নাগোয়া (জাপান), ২৪ ছেপ্টেম্বৰ (হি.স.)। এছিয়ান গেমছ ২০২৬ত ভাৰতীয় টেবুল টেনিছ খেলুৱৈসকলে নিজৰ শক্তিশালী দৌৰ অব্যাহত ৰাখিছে । পুৰুষৰ একক ইভেণ্টত জয়লাভ কৰি মনুষ শ্বাহে নিজৰ অভিযান আৰম্ভ কৰাৰ বিপৰীতে মহিলা ডাবলছত শ্ৰীজা আকুলা-চিণ্ডেৰেলা দাস আৰু দিয়া চিতালে-যাশাস্বিনী ঘোৰপাদৰ যুটিয়ে নিজ নিজ মেচত জয়লাভ কৰে।
পুৰুষৰ একক অ’পেনাৰত মালয়েছিয়াৰ ৱং কি শ্বেনক ৪-০ গ’লত পৰাস্ত কৰে মনুষ শ্বাহে। ১১-৯, ১৪-১২, ১১-৭, ১১-৪ ব্যৱধানত জয়লাভ কৰে মানুষে। মহিলা ডাবলছত শ্ৰীজা আকুলা আৰু চিণ্ডেৰেলা দাসৰ যুটিয়ে মংগোলিয়াৰ বলৰ-এৰ্ডেন বাটমুংখ আৰু বুৰেঞ্জাৰগাল সঞ্জাক ৩-০ গ’লত পৰাস্ত কৰি বিজয়ী আৰম্ভণি কৰে। ভাৰতীয় যুটিটোৱে খেলখনত ১১-৫, ১১-৪, ১২-১০ ব্যৱধানত জয়লাভ কৰে।
ইয়াৰ পূৰ্বে মহিলা ডাবলছৰ দ্বিতীয় ৰাউণ্ডত ইৰাণৰ ছেতায়েশ ইলৌখানী আৰু মছিদ আষ্টাৰীক ৩-০ ব্যৱধানত পৰাস্ত কৰি দিয়া চিতালে আৰু যশস্বিনী ঘোৰপাডে। ভাৰতীয় যুটিটোৱে ১১-২, ১১-২, ১১-৪ ব্যৱধানত জয়লাভ কৰে।
এথলেটিকছত জয় কুমাৰ, কিৰণ পহল, মনু টি এছ, আৰু পূভাম্মা এম আৰৰ ভাৰতীয় চতুৰ্থ দলটোৱে মিক্সড ৪x৪০০ মিটাৰ ৰিলেৰ ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় দলটোৱে নিজৰ হিটত ৩ মিনিট ১৬.২৩ ছেকেণ্ড সময়েৰে দ্বিতীয় স্থান দখল কৰে। চীনে ৩:১৫.৯৭ ছেকেণ্ডেৰে প্ৰথম স্থান দখল কৰে আৰু সংযুক্ত আৰব আমিৰশ্বাহীয়ে ৩:১৭.০০ ছেকেণ্ডেৰে তৃতীয় স্থান দখল কৰে।
সাঁতোৰত আৰিয়ান নেহৰাই পুৰুষৰ ৮০০ মিটাৰ ফ্ৰীষ্টাইল ফাইনেল বিত ৮ মিনিট ২.৫২ ছেকেণ্ড সময়েৰে তৃতীয় স্থান দখল কৰে। এইখন মেডেল ইভেণ্টৰ ফাইনেল নাছিল আৰু মূল ফাইনেলত অংশ ল’ব নোৱাৰা সাঁতোৰবিদসকলে প্ৰতিদ্বন্দ্বিতা কৰিছিল। পুৰুষৰ ৪x১০০ মিটাৰ ফ্ৰীষ্টাইল ৰিলেত বেনেডিকচন বেনিষ্টন, অনিশ সুনীল, আকাশ মণি, আৰু গীতেশ শ্বাহৰ ভাৰতীয় দলটোৱে ১৩টা দলৰ ভিতৰত ৩ মিনিট ২৩.৫১ ছেকেণ্ডৰ সময়েৰে ১২ নম্বৰ স্থান দখল কৰে। ভাৰতীয় দলটোৱে নিজৰ হিটত ষষ্ঠ স্থান দখল কৰে।
-----------------
হিন্দুস্থান সমাচাৰ / অৰৱিন্দ