দক্ষিণ শালমাৰাৰ টুমনীত শিক্ষকৰ ৰূপত জিলা আয়ুক্ত
দক্ষিণ শালমাৰা মানিকাচৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। দক্ষিণ শালমাৰাৰ টুমনীত শিক্ষকৰ ৰূপত জিলা আয়ুক্ত। দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত টুমনী গাওঁ পঞ্চায়তৰ কেইবাখনো বিদ্যালয়ত জিলা আয়ুক্তৰ ছাডেন ভিজিট। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ টুম
দক্ষিণ শালমাৰাৰ টুমনীত শিক্ষকৰ ৰূপত জিলা আয়ুক্ত


দক্ষিণ শালমাৰা মানিকাচৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। দক্ষিণ শালমাৰাৰ টুমনীত শিক্ষকৰ ৰূপত জিলা আয়ুক্ত। দক্ষিণ শালমাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত টুমনী গাওঁ পঞ্চায়তৰ কেইবাখনো বিদ্যালয়ত জিলা আয়ুক্তৰ ছাডেন ভিজিট। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ টুমনী সমুহীয়া স্বাস্থ্য কেন্দ্ৰত ৰোগীক খাদ্য বিতৰণ আয়ুক্তৰ।

টিবি বেমাৰত আক্ৰান্ত ৰোগী সকলক খাদ্য বিতৰণ কৰি ৰোগী সকলৰ বেমাৰৰ বুজ লয় আয়ুক্ত পৰিক্ষিৎ থৌদামে । উক্ত কাৰ্য্যসুচীৰ মাজতেই আয়ুক্ত গৰাকীয়ে কেইবাখনো বিদ্যালয় ক্ৰমে টুমনী কস্তুৰুবা বালিকা বিদ্যালয়,কে এম জি এম ই স্কুল,৩১৩নং টুমনী নিম্ন প্ৰাথমিক বিদ্যালয় আদি বিদ্যালয় সমুহত সোমাই মধ্যাহ্ন ভোজনৰ বুজ লোৱাৰ লগতে শিক্ষকৰ সৈতে মতবিনিময় আৰু শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰী সকলক এনেদৰে শিক্ষকৰ ৰূপত পাঠদান দিয়ে জিলা আয়ুক্ত পৰিক্ষিৎ থৌদামে।

আনহাতে জিলা আয়ুক্ত গৰাকীয়ে টুমনী অঞ্চলত দীৰ্ঘদিনৰ পৰা বন্ধ হৈ থকা মডেল ডিগ্ৰী কলেজৰ নিৰ্মাণ কাৰ্য্য পৰিদৰ্শন কৰি ৰাইজৰ সৈতে মতবিনিময় কৰা পৰিলক্ষিত হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande