
গোৱালপাৰা, ২৪ ছেপ্টেম্বৰ (হি.স.): গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত শিমলাবাৰীৰ পৰা খলিচাভীটা সংযোগী পথৰ বাবে দীৰ্ঘদিনৰ পৰা যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে ।
শিমলাবাৰীৰ বজাৰত পথটোৰ অৱস্থা দেখিলে চকু কপালত উঠিব। পথটোৰ মাজে মাজে এক আঠু পানী ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত। পথটোৰ মাজেৰে দৈনিক বিপদ সংকুল ভাৱে যাতায়ত কৰিব লগা হয় শশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে। কিন্তু কোনো ধৰণৰ গুৰুত্ব নাই বিভাগীয় কৰ্মকৰ্তাৰ লগতে স্থানীয় জনপ্ৰতিনিধিৰ। স্থানীয় ৰাইজৰ দাবী অতি শীঘ্ৰে পথটোৰ মেৰামতিৰ কৰি দি যাতায়তৰ সু-ব্যৱস্থা কৰি দিব লাগে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ