শোণিতপুৰৰ ঘোৰামাৰীৰ বটাবাৰীত পুখুৰীত পৰি এজন যুৱকৰ সলিল সমাধি
শোণিতপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ ঘোৰামাৰীৰ বটাবাৰীত এক অঘটন সংঘটিত হৈছে । বটাবাৰীৰ উহনিপথাৰত পুখুৰীত পৰি এজন যুৱকৰ সলিল সমাধি ঘটে । ৰাহুল বসুমতাৰী নামৰ যুৱক জন পুখুৰীত পৰি মৃত্যু ঘটে । জানিব পৰামতে, যোৱাকালিৰে পৰা নিখোজ হৈ আছিল যুৱকজন ।
শোণিতপুৰৰ ঘোৰামাৰীৰ বটাবাৰীত পুখুৰীত পৰি এজন যুৱকৰ সলিল সমাধি


শোণিতপুৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। শোণিতপুৰৰ ঘোৰামাৰীৰ বটাবাৰীত এক অঘটন সংঘটিত হৈছে । বটাবাৰীৰ উহনিপথাৰত পুখুৰীত পৰি এজন যুৱকৰ সলিল সমাধি ঘটে । ৰাহুল বসুমতাৰী নামৰ যুৱক জন পুখুৰীত পৰি মৃত্যু ঘটে ।

জানিব পৰামতে, যোৱাকালিৰে পৰা নিখোজ হৈ আছিল যুৱকজন । পুখুৰীৰ পাৰত যুৱকজনৰ চেন্দেল যোৰ দেখি সন্দেহত পুখুৰীত বিচাৰখোচাৰ কৰিও কোনো সন্ধান পোৱা নাছিল । আৰু আজি এছডিআৰএফক খবৰ দিয়াত এছডিআৰএফৰ জোৱান সকলে পুখুৰীত সন্ধান চলোৱাত পুখুৰীটোৰ পৰা ৰাহুল বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰিছে ।

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande