
বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.)। কলগাছিয়াৰ বামুণটাৰীত সন্দেহজনক ড্ৰাগছসহ এজন যুৱকক আটক। আটকাধীন যুৱকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে ১২.৬৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ। দুই নং বিকল্প ৰাজ্যিক ঘাইপথেৰে অভয়াপুৰীলৈ অভিমুখে গৈ থকা অৱস্থাত কলগাছিয়া আৰু বালিকুৰি আৰক্ষীৰ যৌথ অভিযানত যুৱকজনক আটক কৰা হয়।
কলগাছিয়াৰ বামুণটাৰীত আৰক্ষীৰ অভিযানত সন্দেহজনক ড্ৰাগছসহ এজন যুৱক আটক। আৰক্ষীৰ মতে, আটকাধীন যুৱকজনৰ পৰা ১২.৬৪ গ্ৰাম সন্দেহজনক ড্ৰাগছ জব্দ কৰা হৈছে। দুই নং বিকল্প ৰাজ্যিক ঘাইপথেৰে অভয়াপুৰীৰ পৰা অভিমুখে গৈ থকা অৱস্থাত কলগাছিয়া আৰু বালিকুৰি আৰক্ষীয়ে অভিযান চলাই যুৱকজনক আটক কৰিব সক্ষম হয়।
আৰক্ষীৰ তথ্য অনুসৰি, আটকাধীন যুৱকজন বঙাইগাঁও জিলাৰ ৰাজু খান। ঘটনাৰ পিছতে আৰক্ষীয়ে যুৱক জনক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে। আটকাধীন বঙাইগাঁওৰ ৰাজু খানক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰা হয়। ইফালে, অঞ্চলটোৰ স্থানীয় সচেতন লোকসকলে আৰক্ষীৰ এই অভিযানক আদৰণি জনাইছে। লগতে অঞ্চলটোত ড্ৰাগছকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ আৰক্ষী-প্ৰশাসনক অধিক কঠোৰ পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু