ওদালগুৰিৰ ভেৰগাঁৱত কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী দুৰ্ভগীয়া মহিলাৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান
ওদালগুৰিৰ ভেৰগাঁৱত কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী দুৰ্ভগীয়া মহিলাৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান পৰিয়ালটোৰ।
ওদালগুৰিৰ ভেৰগাঁৱত কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী দুৰ্ভগীয়া মহিলাৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান


ওদালগুৰি, ২৪ ছেপ্টেম্বৰ (হি.স.): ওদালগুৰিৰ ভেৰগাঁৱত কৰ্কট ৰোগত আক্ৰান্ত এগৰাকী দুৰ্ভগীয়া মহিলাৰ উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত বিচাৰি কাতৰ আহ্বান জনাইছে ভূক্তভোগী পৰিয়ালটোৱে । এবছৰে মাৰাত্মক স্তন কৰ্কট ৰোগত আক্ৰান্ত অনুপমা ৰাভা নামৰ মহিলাগৰাকী ।

ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিৰ বুদুৰা দোংপাৰা গাঁৱৰ বাসিন্দা অনুপমা ৰাভা এগৰাকী দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা মহিলা।এটা ল’ৰা সন্তানৰ মাতৃ অনুপমাৰ হঠাৎ কৰ্কট ৰোগ ধৰা পৰাত এতিয়া দিশাহাৰা হৈ পৰিছে পৰিয়ালটো । বহিৰাজ্যত দিন হাজিৰা কৰি স্বামীয়ে উপাৰ্জন কৰা ধনেৰে পৰিয়ালটোৰ পোহপালৰ লগতে অনুপমাৰ উন্নত চিকিৎসাৰ ব্যয় বহন কৰাটো হৈ পৰিছে অসম্ভৱ । আনকি আনৰ মাটিত জুপুৰি সাজি কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে এতিয়া অনুপমাৰ চিকিৎসাৰ বাবে বিচাৰিছে সহায় । সু-হৃদয়বান ব্যক্তি, দল-সংগঠন তথা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীৰ ওচৰতো আৰ্থিক সহায়ৰ বাবে কাতৰ আহ্বান জনাইছে পৰিয়ালটোৱে।দুখৰ এই সময়ছোৱাত অনুপমাৰ পৰিয়ালৰ কাষত থিয় দিছে গাঁওবাসী আৰু অঞ্চলটোৰ সচেতন মহলো।

ইফালে ভেৰগাঁও যুৱ বিপিএফৰ এটা সজাতি দলেও অনুপমা ৰাভাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালটোক সাহস প্ৰদান কৰে । লগতে অনুপমাৰ উন্নত চিকিৎসাৰ বাবে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীক আৰ্থিক সাহায্য প্ৰদানৰ দাবী জনায় দলটোৱে। অসম গ্ৰামীণ বিকাশ বেংক Account No.: 7057029002527

IFSC: PUNB0RRBAGB ধন আগবঢ়াই অনুপমা ৰাভাৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াব পাৰে । লগতে ৭৪৯৯৭ ১৩১২৬ নম্বৰত

যোগাযোগ কৰিব পাৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande