
বঙাইগাঁও, ২৪ ছেপ্টেম্বৰ
(হি.স.)। পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। অহা ২ অক্টোবৰত মুকলি কৰাৰ সিদ্ধান্ত উদ্যান কর্তৃপক্ষৰ।
দেশী- বিদেশী পৰ্যটক সকলৰ বাবে সু-খবৰ। বাৰিষাৰ সময় প্ৰায় পাৰ হৈ যোৱাৰ পাছতেই বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান ২০২৬ -২০২৭ পৰ্যটন বৰ্ষৰ বাবে অহা ২ অক্টোবৰত পুনৰ পৰ্যটক সকলৰ কাৰণে মুকলি কৰা হ'ব।
মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ নীতিশ বড়োই সংবাদ মাধ্যমৰ আগত সদৰি কৰে এই কথা। ৰেঞ্জাৰ বড়োই জানিব দিয়া অনুসৰি সিদিনা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বিতীয় মুখ্য প্ৰৱেশদ্বাৰত এক বৰ্ণাঢ্য কাৰ্যসূচীৰ মাধ্যমেৰে ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ কাৰণে মুকলি কৰি দিয়া হ'ব।
উল্লেখ্য যে বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ আৰু অসম বন্যপ্ৰাণী (সুৰক্ষা) নিয়ম সমূহ, ১৯৯৭ প্ৰাসংগিক বিধান অনুসৰি পুনৰ জাননী নিদিয়া পৰ্যন্ত মানাহ ৰাষ্ট্ৰীয় উদ্যান খোলা থাকিব বুলিও জানিব পৰা গৈছে । লগতে পূৰ্বৰ দৰে মানাহ ৰাষ্ট্ৰীয় উদ্যান প্ৰতিটো সপ্তাহত বৃহস্পতিবাৰে ভূঞাপাৰা ৰেঞ্জ, মঙ্গলবাৰে বাঁহবাৰী ৰেঞ্জ, শুক্ৰবাৰে পানবাৰী ৰেঞ্জ আৰু বুধবাৰে কুকলুং ৰেঞ্জ বন্ধ থাকিব বুলিও জানিব পৰা গৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা