জখলাবন্ধাত নগাঁও জিলা মীন বিভাগে জব্দ কৰিলে ১২০০ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ
জখলাবন্ধা আৰক্ষীৰ তৎপৰতাত নগাঁও জিলা মীন বিভাগে জব্দ কৰিলে ১২০০ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ ।
জখলাবন্ধাত নগাঁও জিলা মীন বিভাগে জব্দ কৰিলে ১২০০ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ


গোলাঘাট, ২৪ ছেপ্টেম্বৰ (হি.স.): নগাঁও জিলাৰ কলিয়াবৰ জখলাবন্ধা আৰক্ষীৰ তৎপৰতাত নগাঁও জিলা মীন বিভাগে জব্দ কৰিলে ১২০০ কুইণ্টল নিষিদ্ধ থাইলেণ্ড মাগুৰ । জাগীৰোডৰ পৰা গোলাঘাটলৈ এখন বলে'ৰ পিক আপ বাহনত উজনিলৈ নি থকাৰ সময়তে গোপন খবৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰে থাইলেণ্ড মাগুৰ মাছভৰ্তি বাহনখন ।

জব্দ কৃত বাহন খনৰ নম্বৰ এএছ ০৫ এচি ৮৩৬৩ বুলি জানিব পৰা গৈছে। পাছত জব্দ কৰা থাইলেণ্ড মাগুৰ খিনি জখলাবন্ধাৰ কেৰিবাকৰি অঞ্চলত গাত খান্দি বিভাগীয় নিয়ম অনুসৰি পুতি পেলোৱাৰ ব্যৱস্থা কৰে নগাঁও জিলা মীন বিভাগে ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande