
বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.): বৰপেটাৰ সুখোৱাৰঝাৰত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। সুখোৱাৰঝাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শৌচালয়ৰ ধন আৰু মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাক লৈ সংঘটিত হৈছে এই ভয়ংকৰ মাৰপিটৰ ঘটনা ।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল আজিজৰ এনে দুৰ্নীতিৰ বিৰোধীতা কৰাৰ বাবেই তেওঁলোকক বেয়াকৈ মাৰপিট কৰাৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল আজিজৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা গাঁওখনৰ ময়জুদ্দিন নামৰ লোকজনে গাখীৰ উঠাবলৈ গৈ থকা অৱস্থাতে তেওঁক বাট আগুচি ধৰি মাৰপিট কৰে। আব্দুল আজিজৰ নেতৃত্বত একাংশ লোকে হাতে হাতে লাঠি লৈ মাৰপিট কৰে একাংশ পুৰুষ মহিলাক। মাৰপিটত ৯ জন পুৰুষ মহিলা আহত হয়। মাৰপিটত হামেদ আলী, তৈজুদ্দিন আলী, ময়নুদ্দিন আলী, ময়জান নেছা, বেইলা খাতুন, আমেলা খাতুন, ৰাছিদা খাতুন, মালেকজান নেছাৰ লগতে এটি ৮ মহীয়া শিশুও আহত হৈছে। আহত আটাইকেইজনকে ইতিমধ্যে গোৱালপাৰাৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে আলোপতি চৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ