নির্বাচন আয়োগৰ আভ্যন্তৰীণ আলোচনাক কেন্দ্ৰ কৰি বিভ্রান্তি সৃষ্টি কৰাৰ পৰিৱৰ্তে তথ্য আৰু ভোটাৰৰ অধিকাৰক গুৰুত্ব দিয়ক: বিজেপি
গুৱাহাটী, ২৪ ছেপ্টেম্বৰ (হি.স.)। নির্বাচন আয়োগৰ আভ্যন্তৰীন বিষয়ত উত্থাপিত প্রশ্ন আৰু লিখিত আপত্তিক কেন্দ্ৰ কৰি সাংবিধানিক প্রতিষ্ঠানটোৰ ওপৰত জনসাধাৰণৰ আস্থা হ্রাস কৰাৰ চেষ্টা চলিছে বুলি বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে মন্তব্য কৰিছ
নির্বাচন আয়োগৰ আভ্যন্তৰীণ আলোচনাক কেন্দ্ৰ কৰি বিভ্রান্তি সৃষ্টি কৰাৰ পৰিৱৰ্তে তথ্য আৰু ভোটাৰৰ অধিকাৰক গুৰুত্ব দিয়ক: বিজেপি


গুৱাহাটী, ২৪ ছেপ্টেম্বৰ (হি.স.)। নির্বাচন আয়োগৰ আভ্যন্তৰীন বিষয়ত উত্থাপিত প্রশ্ন আৰু লিখিত আপত্তিক কেন্দ্ৰ কৰি সাংবিধানিক প্রতিষ্ঠানটোৰ ওপৰত জনসাধাৰণৰ আস্থা হ্রাস কৰাৰ চেষ্টা চলিছে বুলি বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্র কিশোৰ উপাধ্যায়ে মন্তব্য কৰিছে।

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উপাধ্যায়ে কয়, তিনিগৰাকী নির্বাচন আয়ুক্তৰ মাজত মতামত বিনিময় হোৱাটো গণতান্ত্রিক সিদ্ধান্ত গ্ৰহণৰ স্বাভাৱিক অংশ। কোনো প্রশ্ন উত্থাপন হ'লে তাৰ উত্তৰো তথ্য আৰু নথিৰ ভিত্তিত দিব লাগিব। কিন্তু আভ্যন্তৰীণ বিষয়ত আলোচনা হোৱা কথাটোকেই নির্বাচন আয়োগৰ প্রতিটো সিদ্ধান্ত অবৈধ বুলি প্রতিপন্ন কৰাৰ ভিত্তি কৰিব নোৱাৰি”।

দ্য ইণ্ডিয়ান এক্সপ্রেছত প্রকাশিত প্রতিবেদনত বিগত দহ মাহত দুগৰাকী নির্বাচন আয়ুক্তই বিভিন্ন পদক্ষেপৰ বিষয়ে অন্তত ১৪ বাৰ আনুষ্ঠানিক আপত্তি লিপিবদ্ধ কৰাৰ কথা উল্লেখ কৰা হৈছে। উপাধ্যায়ে কয় যে, এই আপত্তি সমূহক গুৰুত্বসহকাৰে চোৱা উচিত।

একে সময়তে ২৩ ছেপ্টেম্বৰত নিৰ্বাচন আয়োগে জাৰি কৰা বিবৃতিত লিখিত টোকা, পৰামৰ্শ আৰু ভিন্ন মতামতক সিদ্ধান্ত গ্রহণৰ নিয়মীয়া অংশ বুলি ব্যাখ্যা কৰিছে আৰু চূড়ান্ত সিদ্ধান্তসমূহ পূর্ণ আয়োগৰ সৰ্বসম্মত সিদ্ধান্ত বুলি প্রকাশ কৰিছে। প্রশ্ন থাকিলে আয়োগে স্পষ্টীকৰণ দিব, প্ৰক্ৰিয়াৰ ত্রুটি থাকিলে সংশোধন কৰিব। গণতান্ত্রিক প্রতিষ্ঠানৰ প্রতি আস্থা ৰক্ষাৰ পথ এয়াই,” উপাধ্যায়ে কয়।

বিশেষ পুনৰীক্ষণ সম্পর্কে তেওঁ কয় যে শুদ্ধ ভোটাৰ তালিকা প্রস্তুত কৰাটো আয়োগৰ দায়িত্ব, ইয়াৰ সৈতে প্ৰতিগৰাকী যোগ্য নাগৰিকৰ নাম তালিকাত অক্ষুণ্ণ ৰখাৰ দায়িত্বও সমানেই জড়িত। উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ ২৭ মে'ত ৰায়ত বিহাৰত সম্পন্ন হোৱা বিশেষ পুনৰীক্ষণৰ বৈধতা বাহাল ৰাখিছে।

সেই ৰায়ৰ পৰিসৰ বিহাৰৰ গোচৰটোৰ সৈতে জড়িত বুলি উল্লেখ কৰি উপাধ্যায়ে কয় যে আন ঠাইত কোনো ভোটাৰৰ নাম কর্তন বা অন্তর্ভুক্তি সম্পর্কীয় অভিযোগ উত্থাপন হ'লে বিধিসম্মত শুনানি, কাৰণযুক্ত সিদ্ধান্ত আৰু আপীলৰ সুযোগ নিশ্চিত কৰাটো জৰুৰী।

পশ্চিমবংগৰ নিৰ্বাচনী তথ্য উল্লেখ কৰি উপাধ্যায়ে কয়, নাম কর্তন হোৱা বাবেহে বিজেপি জয়ী হৈছে এনে সৰল অভিযোগ ফলাফলৰ সৈতে খাপ নাখায়। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বিশ্লেষণ অনুসৰি, বিশেষ পুনৰীক্ষণত সর্বাধিক নাম কর্তন হোৱা, পশ্চিমবংগৰ ২০টা বিধানসভা সমষ্টিৰ ভিতৰত তৃণমূল কংগ্রেছে ১৩খন, বিজেপিয়ে ৬খন আৰু কংগ্ৰেছে এখন আসনত জয়লাভ কৰিছিল।

চমছেৰগঞ্জত ৭৪,৭৭৫, লালগোলাত ৫৫,৪২০ আৰু ভগবানগোলাত ৪৭,৪৯৩টা নাম কৰ্তনৰ পাছতো সেই তিনিওখন আসনত তৃণমূল কংগ্রেছ জয়ী হৈছিল। আনহাতে জংগীপুৰ আৰু ৰতুৱাত ক্রমে ৩৬,৫৮১ আৰু ৩৫,৫৭৩টা নাম কৰ্তনৰ পাছত বিজেপি জয়ী হৈছিল।

তেওঁ লগতে স্পষ্ট কৰে যে ২০খন আসনৰ এই ফলাফলেই প্রতিটো নাম কর্তন সঠিক আছিল বুলি প্রমাণ নকৰে। কোনো যোগ্য ভোটাৰৰ নাম ভুলকৈ বাদ পৰিলে তেওঁ উপযুক্ত প্ৰতিকাৰ পাব লাগিব। নির্দিষ্ট অভিযোগৰ তদন্ত হওক, আপীলৰ নিষ্পত্তি হওঁক আৰু প্রয়োজনীয় সংশোধন হওক। একেদৰে, প্ৰতিটো নির্বাচনী ফলাফলক তথ্য অবিহনে 'ভোট চুৰি' বুলি অভিহিত কৰাও দায়িত্বশীল ৰাজনীতি নহয়,” উপাধ্যায়ে কয়।

বৰ্তমানৰ মুখ্য নির্বাচন আয়ুক্তই ২০২৫ চনৰ ১৯ ফেব্ৰুৱাৰীত দায়িত্ব গ্রহণ কৰাৰ আগৰ লোকসভা নিৰ্বাচনৰ ফলাফল উল্লেখ কৰি তেওঁ কয় যে বিজেপিয়ে ২০১৪ চনত ২৮২খন, ২০১৯ চনত ৩০৩খন আৰু ২০২৪ চনত ২৪০খন আসন লাভ কৰিছিল। ২০২৪ চনত এনডিএৰ মুঠ আসন আছিল ২৯৩খন। এই ফলাফলসমূহে প্ৰমাণ কৰে যে, ভোটাৰে শাসক দলকো আগৰ তুলনাত কম আসন দিছে আৰু বিৰোধীকো সুযোগ দিছে। জনাদেশক সন্মান জনোৱাৰ লগতে নির্বাচনী প্ৰক্ৰিয়াৰ বিষয়ে উত্থাপিত নির্দিষ্ট প্ৰশ্নৰ তথ্যভিত্তিক উত্তৰ দিয়াটোৱেই সকলো পক্ষৰ দায়িত্ব, তেওঁ মন্তব্য কৰে।

নির্বাচন আয়ুক্ত নিযুক্তিৰ প্ৰক্ৰিয়া সম্পর্কে উপাধ্যায়ে কয় যে ২০২৩ চনৰ আইনত প্রধানমন্ত্রী, লোকসভাৰ বিৰোধী দলৰ নেতা আৰু প্রধানমন্ত্রীয়ে মনোনীত কৰা এগৰাকী কেন্দ্রীয় কেবিনেট মন্ত্ৰীক লৈ বাছনি সমিতিৰ ব্যবস্থা আছে। এই ব্যৱস্থাক লৈ ভিন্ন মত থাকিব পাৰে আৰু আইনী পর্যালোচনাও গণতান্ত্রিক প্ৰক্ৰিয়াৰ অংশ।

১৯৪৭ চনৰ পৰা ২০১৪ চনলৈ কংগ্ৰেছৰ শাসনত প্রধানমন্ত্রীয়েহে নির্বাচনী আয়ুক্ত সকলক নিযুক্তি দিছিল। বিৰোধী দলে যি প্ৰক্ৰিয়াৰে নিৰ্বাচনী আযুক্ত নিযুক্তি দিছিল, সেই প্রক্রিয়া পৰিহাৰ কৰি গণতন্ত্রক সুদৃঢ় কৰাৰ স্বাৰ্থত নৰেন্দ্ৰ মোদী চৰকাৰে বিৰোধী দলৰ দলপতি জনক নিযুক্তি প্রক্রিয়াত অন্তৰ্ভূক্ত কৰি চৰকাৰৰ গণতান্ত্রিক দৃষ্টিভংগী প্রতিপন্ন কৰিছে। কিন্তু মতভেদৰ নিষ্পত্তি যুক্তি, আইন আৰু তথ্যৰ ভিত্তিত হোৱা উচিত বুলি তেওঁ কয়।

নির্বাচন আয়োগক প্রশ্ন কৰা গণতান্ত্রিক অধিকাৰ। প্ৰশ্নৰ উত্তৰ দিয়াটো আয়োগৰ দায়িত্ব। ভোটাৰৰ নাম, ভোটাধিকাৰ আৰু নিৰ্বাচনৰ ফলাফল এই তিনিওটা বিষয়তে সত্যতা নিৰ্ণয়ৰ বাবে প্রমাণ আৰু আইনী প্রক্রিয়াক আগস্থান দিব লাগিব। ভাৰতৰ গণতন্ত্ৰৰ শক্তি জনসাধাৰণৰ ভোটত, সেই ভোটৰ সুৰক্ষা আৰু জনাদেশৰ প্ৰতি সন্মান সকলোৰে সমান দায়িত্ব বুলি উপাধ্যায়ে উল্লেখ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande