অসমৰ চাহ শ্ৰমিকে লাভ কৰিব ২০ শতাংশ দুৰ্গা পূজাৰ বোনাছ, চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব অতিৰিক্ত ছুটী
গুৱাহাটী, ২৪ ছেপ্টেম্বৰ (হি.স.)। অসম চৰকাৰে ৰাজ্য চৰকাৰৰ মালিকানাধীন অসম চাহ কৰ্পোৰেশ্বন লিমিটেড (এটিচিএল)ৰ চাহ বাগিচাত কাম কৰা কৰ্মচাৰী সকলৰ বাবে দূৰ্গা পূজাৰ অৱਸৰত ২০ শতাংশ বোনাছ দিবলৈ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিব
कैबिनेट की बैठक के बाद संवाददाता सम्मेलन को संबोधित करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


গুৱাহাটী, ২৪ ছেপ্টেম্বৰ (হি.স.)। অসম চৰকাৰে ৰাজ্য চৰকাৰৰ মালিকানাধীন অসম চাহ কৰ্পোৰেশ্বন লিমিটেড (এটিচিএল)ৰ চাহ বাগিচাত কাম কৰা কৰ্মচাৰী সকলৰ বাবে দূৰ্গা পূজাৰ অৱਸৰত ২০ শতাংশ বোনাছ দিবলৈ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কেবিনেট বৈঠকৰ পাছত এই কথা জনাইছে।

মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে এই সিদ্ধান্ত যোৱা ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে। ইয়াৰ লগে লগে এ টি চি এলৰ চাহ বাগিচাৰ শ্ৰমিক সকলে ৰাজ্যৰ আন বেছিভাগ চাহ বাগিচাৰ কৰ্মচাৰীৰ দৰেই বোনাছ লাভ কৰিব, য’ত পৰিচালনা সমিতিয়ে ইতিমধ্যে ২০ শতাংশ বোনাছ ঘোষণা কৰিছে।

ড০ শৰ্মাই কয়, ৰাজ্যৰ ৮০৭খন চাহ বাগিচাৰ ভিতৰত ৫৪৮খনে ইতিমধ্যে ২০ শতাংশ বোনাছ ঘোষণা কৰিছে। এতিয়া, আমি এই সিদ্ধান্ত এটিচিএলৰ বাগিচাতো সম্প্ৰসাৰিত কৰিছো। আনহাতে, দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকক ২০ শতাংশ বোনাছ প্ৰদান কৰিবলৈ ৰাজ্যৰ বাকী থকা চাহ বাগিচা পৰিচালনা সমিতিলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

দুৰ্গা পূজাৰ সময়ত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ বাবে অতিৰিক্ত ছুটীৰ বাবেও মন্ত্ৰীসভাই অনুমোদন জনায়। ১৭ অক্টোবৰক অতিৰিক্ত বন্ধ ঘোষণা কৰি ১৭ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ পূজা বন্ধৰ সময় বৃদ্ধি কৰা হ’ব।

ডাঃ শৰ্মাই বুজাই দিলে যে এইবাৰ পূজাৰ বন্ধৰ দিনবোৰ দেওবাৰে পৰিল, যাৰ ফলত সাধাৰণ তিনিদিনীয়া বন্ধটো চুটি হৈ পৰিল। এই কথা মনত ৰাখি অতিৰিক্ত ছুটী দিয়াৰ সিদ্ধান্ত লোৱা হ’ল।

মুখ্যমন্ত্রীয়ে লগতে কয় যে অহা বছৰৰ এপ্ৰিল মাহত ৰঙালী বিহুৰ সময়ত অৰুণোদয় যোজনাৰ হিতাধিকাৰীৰ বাবেও একেধৰণৰ বিশেষ আবণ্টন ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে৷

হিন্দুস্থান সমাচাৰ / অৰৱিন্দ


 rajesh pande