
তিনিচুকিয়া, ২৪ ছেপ্টেম্বৰ (হি.স.)। লিডুত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছ। লিডু আৰক্ষীয়ে বিগত মাহটোত প্ৰায় তিনি কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰাৰ লগতে একাধিক সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ড্ৰাগছৰ ভয়ংকৰ পৰিণতি সম্পৰ্কে সাধাৰণ জনতাক সজাগ কৰাৰ লগতে সমাজৰ পৰা ড্ৰাগছ নিৰ্মূল কৰাৰ উদ্দেশ্যে লিডুৰ টিৰাপ কলিয়ৰীত এখন ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হয়।
লিডু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰোচন থাপাৰ উদ্যোগত অনুষ্ঠিত এই সভাত অঞ্চলটোৰ বহু সংখ্যক লোক উপস্থিত থাকে। সভাত ড্ৰাগছৰ ভয়ংকৰ প্ৰভাৱ, যুৱ প্ৰজন্মৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ আৰু ড্ৰাগছৰ বিৰুদ্ধে জনসাধাৰণৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। সভাত উপস্থিত স্থানীয় ৰাইজেও ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানলৈ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে। ড্ৰাগছমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত আৰক্ষী আৰু জনসাধাৰণৰ মাজত সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু