বিজেপিৰ দলীয় সভালৈ নিমন্ত্ৰণ নিদিয়া বাবে ডিব্ৰুগড়ত বুথৰ সভাপতিক আক্ৰমণ
ডিব্ৰুগড়, ২৪ ছেপ্তেম্বৰ (হি.স.)। ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টী ডাইক অঞ্চলত সংঘটিত এক অনাকাংক্ষিত ঘটনা। বিজেপিৰ দলীয় সভালৈ নিমন্ত্ৰণ নিদিয়া বাবে সভাপতিক আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ ৩৯ নং বুথৰ সভাপতি ৰূপা মল্লিকক ‘হানফী’
বিজেপিৰ দলীয় সভালৈ নিমন্ত্ৰণ নিদিয়া বাবে ডিব্ৰুগড়ত বুথৰ সভাপতিক আক্ৰমণ


ডিব্ৰুগড়, ২৪ ছেপ্তেম্বৰ (হি.স.)। ডিব্ৰুগড়ৰ মাৰোৱাৰী পট্টী ডাইক অঞ্চলত সংঘটিত এক অনাকাংক্ষিত ঘটনা। বিজেপিৰ দলীয় সভালৈ নিমন্ত্ৰণ নিদিয়া বাবে সভাপতিক আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ ৩৯ নং বুথৰ সভাপতি ৰূপা মল্লিকক ‘হানফী’ নামৰ এজন ব্যক্তি আৰু তেওঁৰ পত্নীয় প্ৰহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, এখন দলীয় সভালৈ হানফী আৰু তেওঁৰ পত্নীক নিমন্ত্ৰণ নকৰাক লৈ সৃষ্টি হোৱা বাদ-বিবাদৰ পৰিণতিতে এই আক্ৰমণৰ ঘটনা সংঘটিত হয়। বাক-বিতণ্ডা বৃদ্ধি পাই অৱশেষত ৰূপা মল্লিক শাৰীৰিকভাৱে লাঞ্ছিত হ’বলগীয়া হয়। অৱশ্যে, ঘটনাটোৰ প্ৰকৃত পৰিস্থিতি আৰু কাৰণ বৰ্তমানলৈকে সম্পূৰ্ণ সত্যাসত্য নিৰূপণ হোৱা নাই। এই সন্দৰ্ভত ডিব্ৰুগড়ৰ সদৰ আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত তৈথ্য।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande