
ইটানগৰ, ২৪ ছেপ্টেম্বৰ (হি.স.)। অৰুনাচলৰ ৰাজধানী ইটানগৰত সদৌ নিচি ছাত্ৰ সন্থা(All Nishi Student Union) ই আহ্বান জনোৱা ১২ ঘণ্টীয়া বন্ধৰ সময়চোৱাত হিংসাত্মক পৰিস্থিতিৰ উদ্ভৱ হয়৷ একাংশ বন্ধ সমৰ্থকে বাহনত অগ্নি সংযোগ কৰে৷ নিচি বসতি প্ৰধান অঞ্চলৰ ৫৬খন বিদ্যালয়ৰ আন্তঃগাঁথনিৰ উন্নতি, টৰুত অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপন, ইয়াজুলীৰ নীলম তাৰাম চৰকাৰী মহাবিদ্যালয়ত বিএড পাঠ্যক্ৰমৰ আগতীয়া বিজ্ঞাপন দিয়া আদিৰ দাবীত আজি পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনোৱা হৈছিল৷
অৱশ্য়ে কিছু সময় পিছত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব সক্ষম হয়।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা