গোঁসাইগাঁওহাট ৰে’ল ষ্টেচনত ডিআৰএম দেৱেন্দ্ৰ সিঙৰ বিস্তৃত পৰিদৰ্শন
কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। আলিপুৰদুৱাৰ মণ্ডলৰ মণ্ডল ৰে’ল প্ৰবন্ধক (ডিআৰএম) দেৱেন্দ্ৰ সিঙে বৃহস্পতিবাৰে গোঁসাইগাঁওহাট ৰে’ল ষ্টেচন পৰিদৰ্শন কৰি ষ্টেচনটোৰ বিভিন্ন পৰিচালনামূলক ব্যৱস্থা, আন্তঃগাঁথনি আৰু যাত্ৰী সেৱাৰ সুবিধাসমূহৰ বিস্তৃত পৰ্যালোচ
গোঁসাইগাঁওহাট ৰে’ল ষ্টেচনত ডিআৰএম দেৱেন্দ্ৰ সিঙৰ বিস্তৃত পৰিদৰ্শন


গোঁসাইগাঁওহাট ৰে’ল ষ্টেচনত ডিআৰএম দেৱেন্দ্ৰ সিঙৰ বিস্তৃত পৰিদৰ্শন


গোঁসাইগাঁওহাট ৰে’ল ষ্টেচনত ডিআৰএম দেৱেন্দ্ৰ সিঙৰ বিস্তৃত পৰিদৰ্শন


গোঁসাইগাঁওহাট ৰে’ল ষ্টেচনত ডিআৰএম দেৱেন্দ্ৰ সিঙৰ বিস্তৃত পৰিদৰ্শন


কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। আলিপুৰদুৱাৰ মণ্ডলৰ মণ্ডল ৰে’ল প্ৰবন্ধক (ডিআৰএম) দেৱেন্দ্ৰ সিঙে বৃহস্পতিবাৰে গোঁসাইগাঁওহাট ৰে’ল ষ্টেচন পৰিদৰ্শন কৰি ষ্টেচনটোৰ বিভিন্ন পৰিচালনামূলক ব্যৱস্থা, আন্তঃগাঁথনি আৰু যাত্ৰী সেৱাৰ সুবিধাসমূহৰ বিস্তৃত পৰ্যালোচনা কৰে। পৰিদৰ্শনৰ সময়ত মণ্ডলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া তেওঁৰ সৈতে উপস্থিত থাকে।

পৰিদৰ্শনকালত ডিআৰএম গৰাকীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত গোঁসাইগাঁওহাট ষ্টেচনত চলি থকা উন্নয়নমূলক কাম-কাজ সমূহৰ বুজ লয়। ইয়াৰ ভিতৰত নতুন ষ্টেচন মাষ্টাৰৰ কোঠা, পেনেল ৰূম আৰু যাত্ৰী সকলৰ সুবিধাৰ সৈতে জড়িত বিভিন্ন আন্তঃগাঁথনিমূলক কামৰ অগ্ৰগতি পৰ্যালোচনা কৰে।

ইয়াৰ উপৰি ডিআৰএম দেৱেন্দ্ৰ সিঙে ষ্টেচনৰ গুডছ য়াৰ্ড পৰিদৰ্শন কৰে। তেওঁ গোঁসাইগাঁওহাট ষ্টেচনৰ ৰি-মডেলিং কামৰ লগতে গুডছ য়াৰ্ডৰ দিশৰ ৰে’লৱেৰ বিভিন্ন এলেকা আৰু সম্পদ সমূহৰো পৰিস্থিতি পৰ্যালোচনা কৰে। সংশ্লিষ্ট বিষয়া সকলৰ পৰা চলি থকা কাম-কাজৰ অগ্ৰগতি আৰু ব্যৱস্থা সমূহৰ বিষয়ে তেওঁ বুজ লয়।

ষ্টেচন পৰিদৰ্শনৰ পূৰ্বে আলিপুৰদুৱাৰ জংচন ৰে’ল ষ্টেচনৰ পৰা গোঁসাইগাঁওহাট ৰে’ল ষ্টেচনলৈ উইণ্ড’ ট্ৰেইলিং পৰিদৰ্শনো কৰা হয়। এই সময়ছোৱাত সংশ্লিষ্ট ৰে’লপথৰ ট্ৰেক, দলং, অভাৰহেড বৈদ্যুতিক ব্যৱস্থা আৰু অন্যান্য ৰে’লৱে সম্পদ সমূহৰ অৱস্থা সূক্ষ্মভাৱে পৰীক্ষা কৰা হয়।

এই পৰিদৰ্শনৰ মূল উদ্দেশ্য আছিল সংশ্লিষ্ট ৰে’ল খণ্ডৰ পৰিচালনামূলক দক্ষতা, আন্তঃগাঁথনিৰ ৰক্ষণাবেক্ষণ আৰু যাত্ৰী সেৱাৰ সুবিধা সমূহৰ পৰিস্থিতি পৰ্যালোচনা কৰা। ইয়াৰ জৰিয়তে ৰে’ল যাত্ৰী সকলৰ বাবে নিৰাপদ, সুসংহত আৰু নিৰ্ভৰযোগ্য ৰে’ল সেৱা নিশ্চিত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande