
দৰং, ২৪ ছেপ্তেম্বৰ (হি.স.)। দীৰ্ঘদিন ধৰি এটা চক্ৰই ভুটভুটী নাৱেৰে অবৈধ ভাবে গৰু সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে দলগাঁৱৰ শ্যামপুৰত । অভিযোগ অনুসৰি, গো-সুৰক্ষা আইন বলৱৎ থকাৰ পাছতো দৰঙৰ দলগাঁৱৰ শ্যামপুৰ অঞ্চলৰ মাজেৰে নিতৌ গৰুভৰ্তি বাহন শ্যামপুৰ আৰক্ষী থানাৰ সন্মুখেৰে পাৰ হৈ যোৱাৰো অভিযোগ উত্থাপন হৈছে।
আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ একাংশক মেনেজ কৰি দীৰ্ঘদিন ধৰি এই বেহা চলাই গৈছে এটা চক্ৰই। এই সন্দৰ্ভত গাঁওৰক্ষী বাহিনীৰ সম্পাদক বাহাৰ আলী আৰু অসম আৰক্ষীৰ জোৱান মাচিকুল ইছলামৰ বিৰুদ্ধেও উত্থাপিত হৈছে অভিযোগ । লক্ষ্যনীয় বিষয় যে অসম আৰক্ষীৰ জোৱান মাচিকুল ইছলামে প্ৰায় চাৰি বছৰ ধৰি একেটা থানাতে কৰ্মৰত হৈ থকাৰ বিষয়টোও চৰ্চালৈ আহিছে।
দীঘলীয়া সময় ধৰি একেখন থানাত থকাৰ পিছতো কিয় বদলি হোৱা নাই বুলি ৰাইজৰ মাজত চলিছে চৰ্চা ।এই দীঘলীয়া কৰ্মকালৰ আঁৰত কোনো প্ৰশাসনিক কাৰণ আছে নেকি—সেই প্ৰশ্নও উত্থাপন হৈছে। উত্থাপিত অভিযোগ অনুসৰি শ্যামপুৰৰ পৰা মৰিগাঁও অভিমুখে গৰু সৰবৰাহত নদীপথেৰে ভুটভুটী নাও ব্যৱহাৰ কৰা হয়। অভিযোগকাৰীৰ দাবী অনুসৰি, ইঞ্জিন চালিত নাও ব্যৱহাৰ কৰি নদীপথেৰে গৰু সৰবৰাহ কৰা হয়। এই ক্ষেত্ৰত নাওৰ মালিক মুছলিম উদ্দীনৰ বিৰুদ্ধেও সহযোগিতাৰ অভিযোগ উত্থাপিত হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ