
কোকৰাঝাৰ, ২৪ ছেপ্তেম্বৰ (হি.স.)। অসম-বংগ সীমান্তৰ শিমূলটাপুত বিগত প্ৰায় ১০ দিন ধৰি শ শ কয়লা আৰু কাৰ্বনভৰ্তি ট্ৰাক আবদ্ধ হৈ থকাক কেন্দ্ৰ কৰি তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে। বিভিন্ন ৰাজ্যৰ পৰা বৈধ নথি-পত্ৰসহ কয়লা আৰু কাৰ্বন কঢ়িয়াই অনা ট্ৰাক সমূহ পশ্চিমবংগত প্ৰৱেশ কৰিব নোৱাৰাত ট্ৰাক চালক সকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে।
ট্ৰাক চালক সকলৰ অভিযোগ অনুসৰি, অৰুণাচল প্ৰদেশৰ ইটানগৰ, অসমৰ বঙাইগাঁও, ডিগবৈকে ধৰি বিভিন্ন স্থানৰ পৰা বৈধ নথি-পত্ৰৰ জৰিয়তে কয়লা আৰু কাৰ্বন বোজাই কৰি অহা এই ট্ৰাক সমূহ শিমূলটাপু সীমান্তত পশ্চিমবংগ আৰক্ষী আৰু জি এছ টি বিভাগে পশ্চিমবংগলৈ প্ৰৱেশত বাধা প্ৰদান কৰিছে।
ট্ৰাক চালক সকলে দাবী কৰা অনুসৰি, তেওঁলোকৰ হাতত থকা চালান, বিল, ই-ৱে বিলকে ধৰি প্ৰয়োজনীয় নথি-পত্ৰসমূহ বৈধ আৰু সম্পূৰ্ণ সঠিক। তথাপিও কোনো কাৰণত ট্ৰাকসমূহ পশ্চিমবংগলৈ যাবলৈ দিয়া হোৱা নাই বুলি তেওঁলোকে অভিযোগ কৰে। এইদৰে দীৰ্ঘদিন ধৰি ট্ৰাক সমূহ আবদ্ধ হৈ থকাৰ ফলত চালক আৰু সহায়ক সকলে খাদ্য, শৌচাগাৰ, খোৱা পানীকে ধৰি বিভিন্ন মৌলিক সুবিধাৰ অভাৱত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা বুলি জানিবলৈ দিয়ে।
চালক সকলৰ প্ৰশ্ন—যদি ট্ৰাক সমূহৰ নথি-পত্ৰ বৈধ আৰু সকলো নিয়ম-কানুন পূৰণ কৰা হৈছে, তেন্তে পশ্চিমবংগত প্ৰৱেশৰ ক্ষেত্ৰত বাধা কিয় প্ৰদান কৰা হৈছে? এই সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষই স্পষ্টীকৰণ দিয়াৰ দাবী জনাইছে তেওঁলোকে। ইফালে, দীৰ্ঘদিন ধৰি ট্ৰাকসমূহ আবদ্ধ হৈ থকাৰ ফলত তেওঁলোকৰ আৰ্থিক ক্ষতিও বৃদ্ধি পাইছে বুলি চালক সকলে অভিযোগ কৰে। সমস্যাটোৰ শীঘ্ৰে সমাধান কৰি আবদ্ধ ট্ৰাক সমূহ পশ্চিমবংগলৈ যাবলৈ অনুমতি প্ৰদান কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে তেওঁলোকে।
অন্যথা সমস্যা সমাধান নকৰিলে বিভিন্ন স্থানৰ পৰা অহা ট্ৰাক চালক সকলে একত্ৰিত হৈ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ