
কোকৰাঝাৰ, ২৪ ছেপ্টেম্বৰ (হি.স.): পুনৰ বিলাসী বাহনত উদ্ধাৰ কৰা হৈছে চোৰাং কৈ সৰবৰাহ কৰা গৰু। গোসাঁইগাঁৱৰ কঠালগুৰিত ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ সন্দিকৈ নেতৃত্বত আৰক্ষীৰ দলে জব্দ কৰিলে গৰু ভৰ্তি বাহন ।
অসম বংগ সীমান্তৱৰ্তী শ্ৰীৰামপুৰৰ পৰা কোকৰাঝাৰ অভিমুখে গৈ থকা চাৰি চকীয়া বিলাসী বাহন দেখি সন্দেহ হয় আৰক্ষীৰ।পিছে পিছে খেদি খেদি আৰক্ষীয়ে ইনোভা বাহনখনক ৰাষ্ট্ৰীয় ঘাইপথৰ কঠালগুৰীত জব্দ কৰে।ইয়াৰ সুযোগ গ্ৰহণ কৰি গৰু সৰবৰাহকাৰী পলাই যাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় সৰবৰাহকাৰীক। আৰক্ষী গৰুসহ গাড়ীখন শিমুলটাপু চকী লৈ নি তদন্ত অব্যাহত ৰাখিছে । গাড়ীৰ ভিতৰৰ পৰা ভৰি বন্ধা আৰু মুখ বান্ধি ৰখা ৫ টা কৈ গৰু উদ্বাৰ কৰে। চোৰাং কৈ গৰু সৰবৰাহ কৰা বিলাসী বাহনৰ নম্বৰ এএছ বিএক্স ৫০৫০ বুলি কোৱা হৈছে। আৰক্ষীয়ে মুবাৰক হোছেইন নামৰ এজন সৰবৰাহকাৰীক আটক কৰে । আটক হোৱা সৰবৰাকাৰী জন বিজনীৰ বাসিন্দা । পশুধনসমূহ বংগৰ পৰা বিজনীলৈ সৰবৰাহ কৰাৰ কথা আছিল বুলি ধৃত গো সৰবৰাহকাৰীয়ে জনায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ