
ধুবুৰী, ২৪ ছেপ্টেম্বৰ (হি.স.)। ধুবুৰীৰ টিবি হস্পিতালত চুৰি কাণ্ড । চকিদাৰ থকা সত্বেও নিশা ধুবুৰীৰ টিবি হস্পিতালৰ পৰা চোৰে ৩ খন চিলিং ফেন, ২ টা বেছিন, এচি'ৰ কপাৰৰ তাৰ, চুইচবোৰ্ড আৰু বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায়। চিকিৎসালয় খনত কৰ্মৰত আন কৰ্মচাৰী ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষী থানাত অভিযোগ দাখিল কৰে। চকিদাৰ গৰাকীক জবাবদিহি কৰে।
আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা