
বৰপেটা, ২৪ ছেপ্টেম্বৰ (হি.স.)। বৰপেটাৰ হাউলীত গো-মাংস সৰবৰাহৰ এক ঘটনা পোহৰলৈ আহিছে। এখন বাইকেৰে গোপনে স্থানীয় হোটেললৈ গো-মাংস যোগান ধৰিবলৈ নি থকা অৱস্থাত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ কৰ্মীয়ে মাজবাটতে সৰবৰাহকাৰী জনক হাতে-লোটে কৰায়ত্ব কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, হাউলীৰ এখন স্থানীয় হোটেললৈ বাইকৰ জৰিয়তে গো-মাংসখিনি কঢ়িয়াই নিয়া হৈছিল। ঠিক সেই সময়তে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ সক্ৰিয় কৰ্মীসকলে গো-মাংসখিনি জব্দ কৰে।
উক্ত ঘটনাৰ লগে লগে পৰিস্থিতি উত্তপ্ত হৈ পৰে আৰু সংগঠনটোৰ কৰ্মী সকলে লগে লগে হাউলী আৰক্ষীক অৱগত কৰে। খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ এটা দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আৰক্ষীয়ে জব্দকৃত গো-মাংসখিনি আৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা বাইকখন নিজৰ জিম্মালৈ লৈ সমগ্ৰ ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু