
বৰপেটা, ২৪ ছেপ্তেম্বৰ (হি.স.)। বজালীত পৰিবহণ বিভাগৰ পথ সুৰক্ষা আৰু সজাগতা সভা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম মাহ উপলক্ষে বজালীত পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা আৰু সজাগতা সভা অনুষ্ঠিত কৰা হৈছে। পথ দুৰ্ঘটনা ৰোধ আৰু যান-বাহন চলাচলৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ লক্ষ্যৰে বজালীৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় পথ সুৰক্ষা আৰু সজাগতা সভা।
বজালী পৰিবহণ বিষয়া গুণেশ্বৰ বেজবৰুৱাৰ নেতৃত্বত আৰু বজালী আৰক্ষীৰ সহযোগত অনুষ্ঠিত এই সজাগতা কাৰ্যসূচীত যান-বাহনৰ গৰাকী আৰু চালক সকলক পৰিবহণ বিভাগৰ পাঁচটা গুৰুত্বপূৰ্ণ নিয়ম মানি চলিবলৈ আহ্বান জনোৱা হয়। তীব্ৰ বেগত যান-বাহন চলোৱা, দুচকীয়া বাহনত হেলমেট পৰিধান নকৰা, সুৰাপান কৰি গাড়ী চলোৱা, গাড়ী চলোৱাৰ সময়ত ম'বাইল ফোন ব্যৱহাৰ কৰা আৰু চাৰিচকীয়া বাহনত ছীট বেল্ট ব্যৱহাৰ নকৰাৰ দৰে নিয়ম ভংগৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় পৰিবহণ বিভাগে।
পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে যান-বাহনৰ চালক সকলে যান-বাহন চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ লগতে পথ সুৰক্ষাৰ নিয়ম সমূহ কঠোৰভাৱে মানি চলাটো অতি প্ৰয়োজনীয় বুলি সজাগতা সভাত উল্লেখ কৰা হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ