
নতুন দিল্লী, ২৪ ছেপ্টেম্বৰ (হি.স.)। পঞ্জাৱত বিজেপিৰ ড্ৰাগছ ফ্ৰী পঞ্জাব অভিযানৰ জলন্ধৰত অহা ৩০ ছেপ্টেম্বৰত সামৰণি পৰিব। এই উপলক্ষে ৰাজহুৱা সভাত ভাষণ দিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই অভিযানৰ অংশ হিচাপে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আয়োজন কৰি থকা চাৰিটা ড্ৰাগছ বিৰোধী পদযাত্ৰাও একেদিনাই জলন্ধৰত উপস্থিত হৈ একেলগে সামৰণি পৰিব।
বিজেপিৰ সূত্ৰই জনোৱা মতে, চাৰিওটা পদযাত্ৰা জলন্ধৰত উপস্থিত হোৱাৰ পিছত ৩০ ছেপ্টেম্বৰত সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ পিছতে এক বৃহৎ সমাৱেশত ভাষণ দিব অমিত শ্বাহে। জলন্ধৰ-ফাগোৱাৰা ঘাইপথৰ সমীপত এই সমাৱেশৰ স্থান চূড়ান্ত কৰা হৈছে, আৰু সংগঠনটোৰ স্থানীয় ইউনিটে প্ৰস্তুতি আৰম্ভ কৰিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ১৮ ছেপ্টেম্বৰত পাথানকোটৰ মাধোপুৰৰ পৰা চাৰিটা ভিন্ন পথ সামৰি ড্ৰাগছ ফ্ৰী পঞ্জাৱ যাত্ৰা আৰম্ভ কৰে। মুঠ ১৩ দিন চলিব এই পদযাত্ৰা। এই যাত্ৰাসমূহ ৰাজ্যৰ ১১৭টা বিধানসভা সমষ্টিৰ আটাইকেইটালৈ যোৱাৰ পৰিকল্পনা কৰা হৈছে। চাৰিখন যাত্ৰাই একেলগে প্ৰায় ৪০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে।
প্ৰথম যাত্ৰা আৰম্ভ হৈছিল পাঠানকোটৰ মাধোপুৰৰ একতা স্থানৰ পৰা। ফাতেহগড় চাহাব, ফাজিলকা, তালৱান্দি ছাবোত আন আন যাত্ৰা আৰম্ভ হৈছিল। এই অভিযানৰ লক্ষ্য হৈছে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সজাগতা বৃদ্ধি আৰু বিষয়টোৰ ওপৰত ব্যাপক জনসাধাৰণৰ অংশগ্ৰহণ।
এই কাৰ্যসূচীক অভিযানৰ অন্তিম পৰ্যায় হিচাপে দেখা গৈছে। ইফালে ২০২৭ চনৰ পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ড্ৰাগছ সেৱনৰ বিষয়টো ৰাজ্যৰ ৰাজনীতিত এক ডাঙৰ বিষয় হৈয়ে আছে। বিজেপিয়ে ড্ৰাগছ সেৱনৰ বিৰুদ্ধে সামাজিক সচেতনতাৰ সৈতে জড়িত কৰি ৰাজ্যজুৰি এই অভিযান আৰম্ভ কৰিছে। দলৰ নেতাসকলে উল্লেখ কৰিছে যে ড্ৰাগছৰ সমস্যা মোকাবিলা কৰিবলৈ কেৱল আইন-শৃংখলাৰ ব্যৱস্থাই যথেষ্ট নহয়; যুৱক-যুৱতীসকলৰ বাবে সজাগতা, চিকিৎসা, পুনৰ্বাসন, আৰু শিক্ষা আৰু নিয়োগৰ সুযোগৰ প্ৰতিও গুৰুত্ব দিব লাগিব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া