
মৰিগাঁও, ২৪ ছেপ্তেম্বৰ (হি.স.)। মৰিগাঁৱত দেৱাশীষ শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ৷ ৰকিবুল হুছেইনৰ সংবাদ মেলৰ প্ৰত্তুত্তৰ দেৱাশীষ শৰ্মাৰ৷ নগাঁৱত সংবাদ মেল দি ৰকিবুল হুছেইনে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ বিৰুদ্ধে অনা অভিযোগ খণ্ডন কৰে দেৱাশীষ শৰ্মাই। ইমান বছৰ মন্ত্ৰী থাকিও নিৰ্বাচনৰ নিয়ম নীতি নাজানে ৰকিবুল হুছেইনে।
ৰকিবুল হুছেইনক নিৰ্বাচনী প্ৰক্ৰিয়া অধ্যায়ন কৰিবলৈ আহ্বান দেৱাশীষ শৰ্মাৰ। মই চাকৰিৰ পৰা অব্যাহতি লোৱাৰ পিছতহে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ হিংসাত্মক ঘটনাৰ সৈতে মই জড়িত নহয়। বদৰউদ্দিন আজমলে দেৱাশীষ শৰ্মাক হিন্দী আৰু ইংৰাজী কথা কব নাজানে বুলি কোৱাৰ কথাও দিলে প্ৰতুত্তৰ - এটা চেনেলত হিন্দী, ইংৰাজী আৰু অসমীয়াত অসমৰ ইতিহাসৰ ওপৰত বিতৰ্ক কৰিবলৈ আজমলক মুকলি আহ্বান। যত চেনেল ঠিক কৰিব হব বদৰুদ্দিন আজমলে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ